গুৱাহাটী, ৩০ নৱেম্বৰ, ২০২৩ : আৰক্ষীৰ জালত আৰক্ষী আৰু সাংবাদিক (Police and Journalist Arrested)। হাৱালা চক্ৰৰ পৰা ধন হৰলুকীৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু সাংবাদিক। দুজন আৰক্ষী বিষয়া, এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন এজন লোকক আটক। এই চাৰিজনৰ কবলৰ পৰা বৰ্তমানলৈকে ৩৭ লাখ ৮০ হাজাৰ জব্দ। এই কাণ্ডৰ লগত কেইবাজনো লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। আৰক্ষীৰ অভিযান অব্যাহত।

হাৱালা চক্ৰৰ পৰা ধন হৰলুকী কৰাৰ অভিযোগত আৰক্ষীয়ে দুজন আৰক্ষী বিষয়াৰ লগতে এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। ধৃত আৰক্ষী বিষয়া দুজন হৈছে ভৰলুমুখ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক অনুৰাগ বৰা আৰু মোবাৰক আলী। হাৱালা চক্ৰৰ পৰা ধন হৰলুকী কৰা সাংবাদিকজন হৈছে তৌফিকউদ্দিন আহমেদ। আৰক্ষী বিষয়া মোবাৰক আলীৰ ঘৰৰ পৰা ১৭ লাখ ৫০ হাজাৰ টকা আৰু সাংবাদিক তৌফিকউদ্দিন আহমেদৰ ঘৰৰ পৰা ৪ লাখ টকা আৰক্ষীয়ে জব্দ কৰিছে। আনহাতে আন এজনৰ ঘৰৰ পৰা জব্দ হৈছে ৭ লাখ ৫০ হাজাৰ টকা।

উল্লেখ্য যে, ২১ নৱেম্বৰৰ নিশা মহানগৰী গুৱাহাটীৰ আঠগাঁও অঞ্চলত হাৱালা চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে এক অভিযান চলাই ১ কোটি ৬৯ লাখ ৭০ হাজাৰ টকাসহ চক্ৰটোৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰিছিল। এক গোপন খবৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰিছিল আৰু জব্দকৃত ধনখিনি সন্দৰ্ভত আয়কৰ বিভাগে তদন্ত চলাইছিল। হাৱালা চক্ৰৰ সদস্য দুজনক জেৰাৰ অন্তত আৰক্ষীয়ে লাভ কৰে প্ৰকৃত তথ্য।

আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জানিবলৈ দিয়ে যে, ২১ নৱেম্বৰৰ নিশা হাৱালা চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ চলাৰ পূৰ্বাই ভৰলুমুখ আৰক্ষীৰ থানাৰ উপ-পৰিদৰ্শক মোবাৰক আলী আৰু সাংবাদিক তৌফিকউদ্দিন আহমেদ উক্ত স্থানত উপস্থিত হৈ হাৱালা চক্ৰটোৰ পৰা বৃহৎ পৰিমাণৰ ধন হৰলুকী কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই হাজো অঞ্চলৰ পৰা খাইৰুল হক নামৰ এজন লোকক আটক কৰি জেৰা চলায়। আৰক্ষীৰ জেৰাত ঘটনাৰ লগত জড়িত আৰক্ষীৰ লোক দুজন আৰু সাংবাদিক তৌফিকউদ্দিন আহমেদৰ নাম পোহৰলৈ আহে।

খাইৰুল হকৰ কবলৰ পৰা আৰক্ষীয়ে ৭ লাখ ৫০ হাজাৰ টকাও জব্দ কৰিছে। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযান চলাই আৰক্ষী বিষয়া দুজনৰ লগতে সাংবাদিক তৌফিকউদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰে। অভিযানকালত আৰক্ষীয়ে ভৰলুমুখ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক মোবাৰক আলীৰ ঘৰৰ পৰা ১৭ লাখ ৫০ হাজাৰ টকা আৰু সাংবাদিক তৌফিকউদ্দিন আহমেদৰ ঘৰৰ পৰা ৪ লাখ টকা জব্দ কৰে।

জানিব পৰা মতে খাইৰুল হকে হাৱালা চক্ৰৰটোৰ বিষয়ে সাংবাদিক তৌফিকউদ্দিন আহমেদক খবৰ দিছিল। ইয়াৰ পিছতে সাংবাদিক তৌফিকউদ্দিন আহমেদ ভৰলুমুখ থানাৰ উপ-পৰিদৰ্শক মোবাৰক আলী আৰু অনুৰাগ বৰাক খবৰ দিয়ে আৰু তিনিওজনে হাৱালা চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ বৃহৎ পৰিমাণৰ ধন হৰলুকী কৰে। বৰ্তমানলৈকে আৰক্ষীয়ে।হৰলুকী হোৱা ৩৭ লাখ ৮০ হাজাৰ টকা জব্দ কৰিছে। এই ধনৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগতে ঘটনাৰ লগত আৰু কেইবাজনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।