Rangia Accident : উত্তেজিত জনতাই ৰাজপথৰ ওপৰত জ্বলাই দিলে এখন ডাম্পাৰ

In ৰাজ্য
Umra Package

Mainul Haque

ৰঙিয়া : উত্তেজিত জনতাই ৰাজপথৰ ওপৰত জ্বলাই দিলে এখন ডাম্পাৰ। তীব্ৰ বেগী ডাম্পাখনৰ খুন্দাত নিহত দুজন যুৱক (Rangia Accident)। নিহত যুৱক দুজনৰ মৃতদেহ লৈ ৰাজপথ অৱৰোধ জনতাৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ৰঙিয়াৰ তিনিআলিত শনিবাৰে পুৱাৰ ভাগতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত জনতাই ৰাজপথৰ ওপৰতে জ্বলাই দিয়ে এখন ডাম্পাৰ। ৰাজপথৰ ওপৰত দাওদাওকৈ জ্বলি উঠে ডাম্পাৰখন। তীব্ৰ বেগী ডাম্পাৰখনে মহতিয়াই নিয়ে দুজন বাইক আৰোহীক। ফলত থিতাতে নিহত হয় বাইক আৰোহী দুজন।

ইয়াৰ পিছতে অঞ্চলটোৰ জনতা উত্তেজিত হৈ মৃতদেহ লৈ ৰাজপথত তীব্ৰ প্ৰতিবাদত সাব্যস্ত কৰাৰ লগতে ডাম্পাৰখনত অগ্নি সংযোগ কৰে। তীব্ৰ বেগী ডাম্পাৰখনৰ খুন্দাত নিহত হোৱা বাইক আৰোহী দুজন ৰঙিয়াৰ গোগমালাছা নিৱাসী হাকিম আলী আৰু নাজিম আলী। ৰঙিয়াৰ তিনিআলি চ’কত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা।

উল্লেখ্য যে ৰঙিয়াৰ সদাব্যস্ত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিদিনে তীব্ৰ বেগী ডাম্পাৰৰ দৌৰাত্মকৰ ফলত সঘনাই পথ দুর্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়।প্ৰশাসনৰ চকুত ধূলি দি দিনে নিশাই ডাম্পাৰ সমূহে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত তাণ্ডৱ চলাই আহিছে।

শনিবাৰে পুনৰ পুৱাৰ ভাগত ডাম্পাৰৰ দৌৰাত্মকৰ ফলত থিতাতে নিহত হয় হাকিম আলী আৰু নাজিম আলী নামৰ দুজন যুৱক। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলটোৰ জনতা ক্ষুদ্ধ হৈ পৰে। উত্তেজিত জনতাই দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জ্বলাই দিয়ে। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন হয়। আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ লৈ আহে।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu