সোণাপুৰ : সোণাপুৰত বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ বিভাগৰ অভিযান। দুষ্প্ৰাপ্য বনৰৌৰ বাকলিসহ বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ বিভাগৰ জালত পৰিল ৭ জনকৈ লোক। বিক্ৰীৰ বাবে মেঘালয়ৰ পৰা আনিছিল বনৰৌৰ বাকলিখিনি। সোণাপুৰৰ এখন ৰিজৰ্টৰ পৰা আটক কৰে লোক কেইজনক।

সোণাপুৰত বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ বিভাগে এক অভিযান চলাই বৃহৎ পৰিমাণৰ দুষ্প্ৰাপ্য বনৰৌৰ বাকলিসহ ৭ জনকৈ লোকক আটক কৰে। এক গোপন খবৰৰ ভিত্তিত সোণাপুৰৰ দিচাং ৰিজৰ্টত অভিযান চলাই এই সফল্য লাভ কৰে বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ বিভাগে।

অসমৰ এই ৭ জন লোকে মেঘালয়ৰ পৰা দুষ্প্ৰাপ্য বনৰৌৰ এই বাকলি আনি সোণাপুৰৰ দিচাং ৰিজৰ্টত বাহৰ পাতি আছিল। বিক্ৰীৰ বাবে লোক কেইজন সোণাপুৰৰ দিচাং ৰিজৰ্টত বাহৰ পাতি আছিল। বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ বিভাগৰ লোক গ্ৰাহক হিচাপে গৈ লোক কেইজনক আটক কৰিবলৈ সক্ষম হয়।

চাৰি কেজি এশ গ্ৰাম ওজনৰ বনৰৌৰ বাকলিৰ লগতে লোক কেইজনৰ পৰা অভিযানকাৰী দলটোৱে মোবাইল ফোন জব্দ কৰে। উল্লেখ্য যে বন বিভাগে দীর্ঘদিন ধৰি এই চক্ৰটোৰ ওপৰত দৃষ্টি ৰাখিছিল। অৱশেষত বৃহস্পতিবাৰে হাতেলোতে বন বিভাগে এই লোক কেইজনক জালত পেলাবলৈ সক্ষম হয়।