গুৱাহাটী, ৩১ অক্টোৱৰঃ টেলিভিচন সাংবাদিকতাৰ ব্যৱহাৰিক শিক্ষাৰ প্ৰথম আৰু একমাত্ৰ অসমীয়া ভাষাৰ হাতপুথি এবিচিডি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। কৰবী বৰশইকীয়াই সঞ্চালনা কৰা অনুষ্ঠানটোত গ্ৰন্থখন উন্মোচন কৰে প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা, নিউজ লাইভৰ চিফ মেনেজিং এডিটৰ ছৈয়দ জাৰিৰ হুছেইন, ডি ৱাই৩৬৫ চেনেলৰ মেনেজিং এডিটৰ প্ৰণয় বৰদলৈ, নিউজ ১৮ চেনেলৰ মুখ্য সম্পাদক পৰাগমণি আদিত্যৰ লগতে নিউজ টাইম আছাম চেনেলৰ সম্পাদক উৎপল বৰুৱা। গ্ৰন্থখনৰ লেখক তথা জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই কয় ভাষণ প্ৰসংগত কয় যে, তেওঁৰ সাংবাদিকতাৰ ব্যৱহাৰিক শিক্ষানুষ্ঠান Atanu Bhuyan’s Classes of Doordarshan  চমুকৈ ABCDৰ নামৰ লগত সংগতি ৰাখি গ্ৰন্থখনৰ নাম এবিচিডি ৰখা হৈছে৷ গ্ৰন্থখনত টেলিভিচন সাংবাদিকতাৰ ব্যৱহাৰিক জ্ঞানৰ বিষয়ে বিস্তাৰিত ভাবে লিখা হৈছে৷ আনহাতে উন্মোচক তথা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই গ্ৰন্থখনে নৱাগত সাংবাদিক তথা সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থী সকলৰ বাবে যথেষ্ট সহায়ক হ’ব বুলি মত ব্যক্ত কৰে। নিউজ লাইভৰ চিফ মেনেজিং এডিটৰ ছৈয়দ জাৰিৰ হুছেইনে গ্ৰন্থখনক বৰ্তমান প্ৰতিযোগিতাৰ যুগত ব্যৱহাৰিক জ্ঞানৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এখন সময়োপযোগী গ্ৰন্থ বুলি মতামত ব্যক্ত কৰে৷ গ্ৰন্থখনৰ প্ৰকাশক এম আৰ পাব্লিকেচনে ৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া উত্তৰ পূৱ গ্ৰন্থমেলাৰ বিপনীসমূহত গ্ৰন্থখন উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে৷