বঙাইগাঁৱ, ৫ অক্টোবৰঃ বঙাইগাঁৱৰ লেংটিছিঙাৰ সৰ্মীপবৰ্তী টাপাট্ৰাৰী উন্নয়ণ খণ্ডৰ অন্তৰ্গত আৰু মেৰেৰচৰ গাঁও পঞ্চায়তৰ অধীনস্থ কুশবাৰী আৰু মেৰেৰচৰ সংযোগী গড়কাপ্তানী পথটো চলিত বৰ্ষৰ প্ৰলয়ংকাৰী আই নদীৰ বাঢ়নি পানীয়ে ছিঙি লৈ যোৱাত বৃহৎ অঞ্চলৰ গঞা লোকে যাতায়াতৰ নামত জীয়াতু ভূগিবলগীয়া হৈছে৷ প্ৰাপ্ত তথ্য মতে, উক্ত গড়কাপ্তানী পথটোৰে মেৰেৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কুশবাৰী, মেৰেৰচৰ, পল্টনবজাৰ, জয়পুৰ, চিকাটাৰীকে ধৰি প্ৰায় ৩৫খন গাঁৱৰ লোকে যাতায়ত কৰে৷ বৃহত্তৰ গাঁও পঞ্চায়তটোৰ যাতায়তৰ একমাত্র পথটোৰ প্ৰায় ৫০মিটাৰ আই নদীৰ বাঢ়নি পানীয়ে ছিঙি নিয়াত অঞ্চলটোৰ চৰকাৰী কৰ্মচাৰী, ক্ষুদ্ৰ ব্যৱসায়ী, শ্ৰমিক আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে বিপদসংকুলভাবে নাৱেৰে যাতায়াত কৰিবলৈ বাধ্য হৈছে। উল্লেখ্য যে, প্ৰত্যেক বছৰে বানে বিধ্বস্ত কৰা অঞ্চলটোৰ লোকৰ সুবিধাৰ্থে গড়কাপ্তানী বিভাগে যাতায়তৰ বাবে বিনামূলীয়া নাওঁ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু বৰ্তমানো গড়কাপ্তানী বিভাগৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ আছে। ফলত অঞ্চলটোৰ সৰ্বসাধাৰণৰ লোকৰ লগতে ছাত্ৰ ছাত্ৰীয়ে চলিত বৰ্ষৰ প্ৰলয়ংকাৰী বান পিচৰে পৰা বিগত তিনি-চাৰি মাহে গাঁঠিৰ ধন ভাঙি নাৱেৰে বিপদসংকুল ভাবে যাত্ৰা কৰিবলৈ বাধ্য হৈছে। অঞ্চলটোৰ লোকে স্থানীয় বিধায়ক, বৰপেটা লোকসভা সমষ্টিৰ সাংসদকে ধৰি সংশ্লিষ্ট বিভাগক বাৰাম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো  ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ বিৰুদ্ধে কুশবাৰী আৰু মেৰেৰচৰ শতাধিক স্থানীয় বাসিন্দা তথা ছাত্ৰ ছাত্ৰীয়ে শীঘ্ৰে পথটোৰ মেৰামতি কৰাৰ দাবীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।