ৰঙিয়া, ৫ অক্টোবৰঃ ৰঙিয়াৰ ইচ্ছাপুৰৰ পৰা এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, সন্ধানহীন মহিলাগৰাকী আমেনা খাতুন(৩৮)। মঙলবাৰে পুৱা কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই যোৱাৰে পৰা মহিলাগৰাকী সন্ধানহীন হৈ আছে । পৰিয়ালৰ লোকে বহু সন্ধান চলায়ো মহিলাগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । আমেনা খাতুন হৎঠাতে নিখোজ হোৱাত দুখত ভাগি পৰিছে মহিলাগৰাকীৰ আত্মীয়। পৰিয়ালৰ লোকে কোনো দুষ্ট চক্ৰই মহিলাগৰাকীক অপহৰণ কৰি বহিৰাজ্যত মানৱ সৰবৰাহকাৰীৰ ওচৰত বিক্ৰী কৰা বুলি সন্দেহ কৰিছে। ঘটনা সন্দৰ্ভত আমেনাৰ পৰিয়ালে তুলসীবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।