Pathan : বিতৰ্কৰ মাজতে চাৰিওফালে বলিউডৰ কিং খানৰ ধুমুহা

In বিনোদন, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
Umra Package

নিউজ ডেস্ক : অৱশেষত মুক্তি লাভ কৰিলে শ্বাহৰুখ খানৰ পাঠান (Pathan)। বিতৰ্কৰ মাজতে চাৰিওফালে কিং খানৰ ধুমুহা। দেশজুৰি পাঠানে লাভ কৰিলে অভুতপূৰ্ব সঁহাৰি। পাঠান উপভোগ কৰিবলৈ অহা লোকৰ দীঘলীয়া শাৰী ছবিগৃহ সমূহৰ সন্মুখত।

বিগত কিছুদিন ধৰি দেশজুৰি চৰ্চিত হৈ আছিল বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পাঠান নামৰ ছবিখন। ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছৰে পৰা ছবিখনক নিষিদ্ধ কৰাৰ ধুমুহা উঠিছিল। ছবিখনৰ ‘বেচৰম ৰং’ গীতিত দীপিকা পাডুকনে পৰিধান কৰা কাপোৰক কেন্দ্ৰ কৰি হিন্দুবাদী সংগঠন সমূহে ছবিখন নিষিদ্ধ কৰাৰ দাবী জনাই আহিছিল।

পাঠান নিষিদ্ধৰ দাবীত উত্তাল হৈ পৰিছিল সমগ্ৰ দেশ। পাঠানৰ পোষ্টাৰ ফালি, অগ্নি সংযোগ কৰি পাঠাৰ বিৰোধিতা কৰা হৈছিল দেশজুৰি। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাছিল অসম। অসমত পাঠান কোনো কাৰণতে মুক্তি দিবলৈ দিয়া নহ’ব বুলি হিন্দুত্ববাদী সংগঠন সমূহে হুংকাৰ দিছিল। অৱশেষত বিতৰ্কৰ মাজত সোমাই পৰা পাঠান মুক্তি লাভ কৰিলে বুধবাৰে।

মুক্তিৰ পিছতে ছবিখনে দেশজুৰি অভুতপূৰ্ব সঁহাৰি লাভ কৰিলে। পাঠান উপভোগ কৰিবলৈ অহা লোকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গ’ল ছবিগৃহ সমূহৰ সন্মুখত। চাৰি বছৰৰ বিৰতিৰ পিছত ডাঙৰ পৰ্দালৈ উভতি অহা বলিউডৰ কিং খানে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিলে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীত ব্যাপক সঁহাৰি লাভ কৰিলে পাঠানে। মহানগৰীৰ ছবিগৃহ সমূহত শ্বাহৰুখ খানৰ অনুৰাগী সকলে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হয়।

পাঠান উপভোগ কৰিবলৈ অহা দৰ্শকে পুৱা ৭ বজাৰে পৰা ছবিগৃহ সমূহত ভিৰ কৰে। মহানগৰীৰ লগতে ৰাজ্যৰ সকলো ছবিগৃহ সমূহত পাঠান হাউচফুল হৈছে। ৰঙিয়া আৰু ধুবুৰীত শ্বাহৰুখ খানৰ অনুৰাগী সকলে ছবিগৃহৰ সন্মুখত কেক কাটি পাঠান উপভোগ কৰিবলৈ ছবিগৃহত প্ৰৱেশ কৰে। ইফালে আৰক্ষী প্ৰশাসনে ছবিগৃহ সমূহত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হয়।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu