গুৱাহাটী : দিল্লীৰ ফেট টাইগাৰ ইণ্ডিয়া নামৰ ব্ৰেণ্ডটোৱে অলপতে গুৱাহাটীৰ এ টি ৰোডৰ ভৰালুমুখত ইয়াৰ এক্সক্লুশ্বিভ কিউ এছ আৰ কেফে (New Cafe) মুকলি কৰে। উদ্যমী মহিলা ৰিংকী কলিতাৰ উপস্থিতিত এ এম টেলিভিছনৰ সঞ্চালক ড° আকশাতা নাৰেইনে এই বিশেষ কেফে উদ্বোধন কৰে।

কেফেৰ হৈ যোগেশ মহেশ্বৰীয়ে কয় ‘আমি মুখ্যতঃ চাহ, ম’ম আৰু আহাৰ পৰিৱেশন কৰিম। আমাৰ চাহৰ বিশেষত্ব হৈছে এইচৰ সৈতে পৰিৱেশন কৰা চিজোছ’। ইয়াৰোপৰি উপলব্ধ হৈছে বাবেল চাহ, যি চাহ ববা পালছৰে তৈয়াৰ কৰা হয়, যিবোৰ একেবাৰে অনন্য। একেদৰে সাধাৰণ ম’মৰ লগতে বিভিন্ন ধৰণৰ সোৱাদযুক্ত বিশেষকৈ সম্পূৰ্ণ ঘেঁহুৰ ম’ম, ইটালিয়ান ম’ম আৰু বাঅ’জি মোমো উপলব্ধ হৈছে।

তেওঁ লগতে কয় যে আমাৰ বাটিৰ আহাৰ য’ত গ্ৰহক এজনে মুখ্যতঃ (চাউল-নুডল্‌ছ) বাছনি কৰিব পৰিব। আমাৰ সকলো সামগ্রী ডিছপোজেবল পেকেজিঙত পৰিৱেশন কৰা হ’ব আৰু আমাৰ পেকেজিং অতি উৎকৃষ্ট আৰু অনন্য প্ৰকৃতিৰ। আমি সুৰক্ষা আৰু পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছো। তেওঁ আৰু কয় যে আমাৰ কিউ এছ আৰ কেফেত ২০ জন লোক বহিব পৰা ক্ষমতা আছে।

গ্রাহকসকলে জন্মদিন, বার্ষিকী, সৰু গেট-টুগেডাৰ আদিৰ বাবেও আগতীয়াকৈ বুকিং কৰিব পাৰিব। ছুইগি আৰু জোমাটোতো কিউ এছ আৰুৰ খাদ্য উপলব্ধ হৈছে। আমি সকলো খাদ্যপ্রেমীক ফেট টাইগাৰ কিউ এছ আৰ কেফেত খাদ্যৰ লগতে পৰিৱেশনৰ অভিজ্ঞতা ল’বলৈ অনুৰোধ জনাইছো।