গুৱাহাটী
৩০ জুন

অসমৰ শিশুসকলক নিউম’নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে বুধবাৰৰ পৰা ‘নিউম’ক’ক্কেল কনজুগেট ভেক্সিন’ নামৰ এবিধ নতুন প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰিছে। স্বাস্থ্য বিভাগৰ নিয়মীয়া অভিযান সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচীত এই নিউম’নিয়া প্ৰতিৰোধী প্ৰতিষেধক বিধ প্ৰথমবাৰলৈ অন্তৰ্ভুক্তিৰে ৰাজ্যত বুধবাৰৰ পৰা পিচিভি টীকাকৰণ অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটীৰ খানাপাৰা ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এটি ডেৰমহীয়া শিশুক কোলাত তুলি লৈ প্ৰথম পালি নিউম’ক’ক্কেল কনজুগেট ভেক্সিন প্ৰদানেৰে ৰাজ্যজোৰা এই অভিযান উদ্বোধন কৰে।

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মুনীন্দ্ৰ নাটে আৰু চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মনৰ উপস্থিতিত আয়োজিত এই উদ্বোধনী অনুষ্ঠানত নিউম’নিয়া প্ৰতিৰোধী এই নতুন টীকাকৰণ কাৰ্যসূচী মুকলি কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘আজিৰে পৰা অসমৰ সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচীত এটা নতুন প্ৰতিষেধকৰ অন্তৰ্ভুক্তিৰে আমাৰ ৰাজ্যখনৰ শিশুসকলক নিউম’নিয়াৰ সুৰক্ষিত কৰিবলৈ স্বাস্থ্য বিভাগে প্ৰয়াস আৰম্ভ কৰিছে।

৫ বছৰৰ তলৰ শিশুসকল ষ্টেপট’ক’কাছ নিউম’নি নামৰ এবিধ বেক্টেৰিয়াৰ বাবে নিউম’নিয়াত আক্ৰান্ত হয়। নিউম’ক্কাচৰ সংক্ৰমণৰ ফলত নিউম’নিয়াৰ লগতে মেনিনজাইটিছ আৰু চেপ্টিছেমিয়াও হ’ব পাৰে। বুধবাৰৰ পৰা অসমতো চৰকাৰী বিনামূলীয়া টীকাকৰণ কাৰ্যসূচীত এই নিউম’ক’ক্কেল কনজুগেট ভেক্সিনকো আমি সামৰি লোৱাৰ ব্যৱস্থা কৰি আমাৰ শিশুসকলক সুৰক্ষিত কৰিব বিচাৰিছো। ৰাজ্যৰ প্ৰতিগৰাকী নৱজাতক শিশুৰ মাতৃকে মই আহ্বান জনাইছো যে তেওঁলোকে যাতে সপ্তাহৰ প্ৰতি বুধবাৰে আমাৰ স্বাস্থ্য বিভাগে হাতত লোৱা সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচীৰ জৰিয়তে নিজ নিজ সন্তানক এই প্ৰতিষেধক প্ৰদান কৰি নিউম’নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ আগবাঢ়ি আহে।’

উল্লখ্য যে, মুঠ তিনি পালি খোৰাকীৰ এই পিচিভি প্ৰতিষেধকবিধৰ প্ৰথম পালি খোৰাকী শিশুক জন্মৰ পৰা ছয় সপ্তাহত, দ্বিতীয় পালি খোৰাকী চৈধ্য সপ্তাহত আৰু অন্তিম পালি খোৰাকী ন মাহ বয়সত দিব লাগে। স্বাস্থ সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক নাটেই অনুষ্ঠানত প্ৰকাশ কৰে যে, এই নিউম’নিয়া প্ৰতিৰোধী প্ৰতিষেধক বিধ সম্পূৰ্ণ বিনামূলীয়া আৰু অতি সুৰক্ষিত প্ৰতিষেধক। ভাৰতত ২০১৭ চনত পৰীক্ষামূলকভাৱে প্ৰথম পৰ্যায়ত মাথো পাঁচখন ৰাজ্যতহে এই পিচিভি প্ৰতিষেধক বিধ সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও ২০২১ চনত অসমকে ধৰি সকলো ৰাজ্যতে ইয়াক নিয়মীয়া চৰকাৰী টীকাকৰণ কাৰ্যসূচীত সামৰি ল’বলৈ কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায়। এতিয়ালৈকে বিশ্বৰ ১৪৬খন দেশত এই প্ৰতিষেধক বিধ ৰাষ্ট্ৰীয় টীকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।