আজিজ আলী
মুকালমুৱা : ৰাজ্যত বানৰ বিভীষিকাৰ মাজতে মুকালমুৱাত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী দৃশ্য। মুকালমুৱাৰ বৈঠাভাঙাত মাছৰ উজান। প্ৰতি কিলোগ্ৰাম মাছৰ দাম ১৫ টকা।
শ শ লোক নামি পৰিল মৎস্য চিকাৰত।

অপৰিৱৰ্তিত হৈ আছে ৰাজ্য ৰাজ্যৰ বান পৰিস্থিতি। নেৰা নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বছৰৰ দ্বিতীয়টো বাবে প্লাৱিত কৰিছে ৰাজ্যৰ ২৮ খনকৈ জিলা।বানপানীয়ে স্তব্ধ কৰি ৰাখিছে স্বাভাৱিক জীৱন। ১৮ লাখতকৈও অধিক লোক ককবকাইছে বাঢ়নী পানীৰ মাজত।

ইয়াৰ বিপৰীতে মুকালমুৱাৰ বৈঠাভাঙাত দেখাবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী দৃশ্য। চাউলখোৱা জানৰ বাঢ়নী পানীত শ শ লোক নামি পৰিল মৎস্য চিকাৰত। বৈঠাভাঙাৰ পকী দলংৰ তলেৰে অহা চাউলখোৱা জানৰ পানীত মাছৰ উজান দেখি সমাগম ঘটে বহু লোকৰ।

এফালে একাংশ ব্যস্ত মৎস্য চিকাৰত আনফালে একাংশ লোকে ব্যস্ত মাছ ক্ৰয় কৰাত। হঠাৎ মৎস্য চিকাৰ চলি থকা ঠাইত বহি উঠিল এখন অস্থায়ী মাছৰ বজাৰ। ১৫ টকাকৈ প্ৰতি কিলোগ্রাম মাছ বিক্ৰী হৈছে এইখন অস্থায়ী মাছৰ বজাৰত।কুইন্টলে কুইন্টলে মাছ ওলাইছে বৈঠাভাঙাৰ অস্থায়ী বজাৰত।

কম মূল্যত মাছ ক্ৰয় কৰিবলৈ বহু দূৰ দূৰণিৰ পৰা সমাগম ঘটে অসংখ্য লোকৰ। ইয়াৰ মাজতে এক অঘটনৰ পৰা কথমপি ৰক্ষা পৰে এজন লোক। মৎস্য চিকাৰ কৰি থকা অৱস্থাত লোকজনক পানীৰ সোতে উটুৱাই নিয়াত হাহাকাৰ লাগে। অৱশ্যে লোকজনক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে একাংশই।