গুৱাহাটী : অসমৰ বান পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰাৰ সময়তে আহিছে এক ভয়াবহ খবৰ। চুবৰীয়া ৰাজ্যৰ মেঘালয়ৰ ফলৰ পৰা আহিছে এই ভয়াবহ খবৰ। মেঘালয়ে অসমলৈ প্ৰেৰণ কৰিছে এক সতৰ্কবাণী। যি কোনো সময়তে মেঘালয়ে এৰিব পাৰে উমিয়াম লেকৰ পানী।

অসমৰ লগতে মেঘালয়ত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে দুয়োখন ৰাজ্যৰ পৰিস্থিতি শোচনীয় কৰি তুলিছে। ইতিমধ্যে অসমৰ ২৮ খনকলৈ জিলা বানৰ কবলত পৰিছে। অসমৰ ১৮ লাখতকৈও অধিক লোক ককবকাই আছে বাঢ়নী পানীৰ মাজত। এই জটিল পৰিস্থিতিৰ সময়তে মেঘালয়ে এক সতৰ্কবাণী প্ৰেৰণ কৰিছে।

মেঘালয়ৰ এই সতৰ্কবাণীয়ে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ কেইবাখনো অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে। মেঘালয়ে উমিয়াম লেকৰ পানী এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াকেলৈ সতৰ্ক কৰি দিছে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ উপায়ুক্তক। উমিয়াম হ্ৰাদৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে মেঘালয়ে উমিয়াম লেকৰ পানী এৰি দিব।

মেঘালয়ে যিকোনো সময়তে উমিয়াম লেকৰ পানী এৰি দিব বুলি সতৰ্কবাণী প্ৰেৰণ কৰিছে। উমিয়াম লেকৰ পানী এৰি দিয়াৰ লগে লগে এক জল বিস্ফোৰণ ঘটিব অসমত। মেঘালয়ৰ কাষৰীয়া কামৰূপ জিলাৰ পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিব। কামৰূপ জিলাৰ কুকুৰমাৰা, ছায়গাঁও, বকো, ৰামপুৰ আদি অঞ্চল মেঘালয়ৰ উকিয়াম লেকৰ পানীয়ে উটুৱাই নিয়াৰ আশংকা প্ৰকট হৈছে।