পেট্ৰ’ল পাম্পত ১ অক্টোবৰৰ পৰা গ্ৰাহকৰ বাবে বন্ধ হৈ পৰিব কিছুমান বিশেষ সুবিধা

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৯ ছেপ্টেম্বৰ : ১ অক্টোবৰৰ পৰা গ্ৰাহকসকলে পেট্ৰ’ল অথবা ডিজেল ক্ৰয় কৰাৰ সময়ত কেছবেকৰ সুবিধা লাভৰ পৰা বঞ্চিত হ’ব । দেশৰ সকলোতকৈ বৃহৎ বেংক ভাৰতীয় ষ্টেট বেংকে ইয়াৰ ক্ৰেডিট কাৰ্ড গ্ৰাহকসকললৈ এটা এছ এম এছ প্ৰেৰণ কৰিছে। বেংকৰ ফালৰ পৰা পঠোৱা এছ এম এছটোত ১ অক্টোবৰৰ পৰা পেট্ৰ’ল পাম্পত ইন্ধন ক্ৰয় কৰাৰ সময়ত লাভ কৰা ০.৭৫ শতাংশ ৰেহাই বন্ধ কৰি দিয়া হৈছে বুলি জনোৱা হয়।

পেট্ৰ’লিয়ামজাত কোম্পানী সমূহৰ উপদেশ অনুসৰিয়ে ভাৰতীয় ষ্টেট বেংকে এনে সিদ্ধান্ত লয় যাৰ ফলত গ্ৰাহকসকলে ৩ বছৰ ধৰি লাভ কৰি অহা এই সুবিধা বন্ধ হৈ পৰিব।

উল্লেখযোগ্য যে, ২০১৬ চনত কেন্দ্ৰ চৰকাৰে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত গ্ৰহণৰ পাছত পেট্ৰ’লিয়ামজাত কোম্পানী সমূহক পেট্ৰ’ল আৰু ডিজেল ক্ৰয়ৰ ক্ষেত্ৰত ক্ৰেডিট কাৰ্ড ব্যৱহাৰীসকলক ০.৭৫ শতাংশ ৰেহাই দিয়াৰ বাবে নিৰ্দেশ দিছিল।

Comments

comments

You may also read!

দেৱশীষ গগৈৰ হত্যাৰ উচিত তদন্ত বিচাৰি দেবেৰাপাৰ আৰক্ষী চকীত কেইবাশতাধিক ৰাইজৰ ভিৰ

মৰিয়নীৰ পৰা বিৰেন তাঁতী, সংবাদ ৩৬৫, ৩১ মে' : সামান্য এটা দুর্ঘটনাক কেন্দ্ৰ কৰি যোৰহাট জিলাৰ মৰিয়নীত দেৱশীষ গগৈ

Read More...

পুনৰ গণপ্ৰহাৰৰ বলি হ’ল এজন যুৱক

যোৰহাট, সংবাদ ৩৬৫, ৩১ মে' : সধাৰণ কথা এটাক কেন্দ্ৰ কৰি এজন লোকৰ ওপৰত জপিয়াই পৰে কেইবাজনো লোক। সৰু

Read More...

বঙাইগাঁও জিলাত আই, মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি

বঙাইগাঁও, সংবাদ ৩৬৫, ৩০ মে' :  বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে আই, মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ।জিলাখনৰ অভয়াপুৰীৰ

Read More...

Mobile Sliding Menu