গুৱাহাটী, সংবাদ ৩৬৫, ২৮ ছেপ্টেম্বৰ : ৰাজ্যজুৰি চলিছে উপ-নিৰ্বাচনক লৈ প্ৰস্তুতি। কোন দলে কাক প্ৰাৰ্থীত্ব দিব তাকে লৈ ব্যস্ত প্ৰতিটো দল। ২১ অক্টোবৰত অসমকে ধৰি মুঠ ৬৪ টা সমষ্টিত অনুষ্ঠিত হব উপ-নিৰ্বাচন। ৭ অক্টোবৰলৈকে মনোনয়ন দাখিল কৰিব পাৰিব প্ৰাৰ্থীয়ে। ২৪ তাৰিখতেই ঘোষণা কৰা হয় নিৰ্বাচনৰ ফলাফল।

শনিবাৰে কংগ্ৰেছে প্ৰকাশ কৰে উপ-নিৰ্বাচনৰ তালিকা । তালিকাত কেইবাজনো নতুন প্ৰাৰ্থীত্বক টিকট প্ৰদান কৰা হয়। ৰঙাপৰাৰ পৰা কাৰ্তিক কুর্মী, জনীয়াৰ পৰা ছামছুল হক, ৰাতাবাৰীৰ পৰা কেশৱ প্ৰসাদ ৰাজাক আৰু সোণাৰী সমষ্টিৰ পৰা সুশীল সুৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰে।

ইফালে শাসকীয় দল বিজেপিয়েও বৰ্তমানলৈ উপ নিৰ্বাচনৰ তালিকা ঘোষণা কৰা নাই যদিও ৰঙাপৰা সমষ্টিৰ পৰা ৰাজেন বৰঠাকুৰ, জনীয়াৰ পৰা মজিবুৰ ৰহমান খান, সোণাৰীৰ পৰা নৱনীতা সন্দিকৈ, ৰাতাবাৰীৰ পৰা বিজয় মালাকাৰক টিকট প্ৰদান কৰা একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । এতিয়া অপেক্ষা মাথো অনুষ্ঠানিক ঘোষণালৈ।