কমলপুৰ, ১ জুনঃ ফটো ভালকৈ তুলিব, সকলোৱে চাব৷ সাংবাদিকক ফটো ভালকৈ তোলাৰ এই পৰামৰ্শ টিকলাৰ। লগতে বাতৰি সম্প্ৰচাৰ কৰোতে মচলা ভালকৈ দিবলৈও সাংবাদিকক পৰামৰ্শ টিকলাৰ৷ কামৰূপ জিলাৰ কমলপুৰত আৰক্ষীৰ জালত পৰা দুধৰ্ষ ডকাইত টিকলা ওৰফে ৰেকিব আলীয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক এনেদৰে পৰামৰ্শ দিলে৷ যোৱা ২০ মে’ত কমলপুৰ থানাৰ অন্তৰ্গত সোণেশ্বৰৰ ভাৰতীয় ষ্টেট বেংকৰ শাখাত ডকাইতি কৰি পলাতক হৈ থকা টিকলাৰ লগতে  দিপাঙ্কৰ ডেকা, মুন্না আহমেদ, ছৈয়দ আলীক অৱশেষত আৰক্ষীৰ জালত পৰে৷ বেংকৰ পৰা  ২৩ লাখ টকা লুট কৰি বহিঃৰাজ্যলৈ পলায়ন কৰাৰ সময়তে টিকলা লগতে চাৰিজনীয়া ডকাইতৰ দলটো ৰঙিয়া মহকুমাৰ আৰক্ষী বিষয়া প্ৰণৱ পেগুৰ জালত পৰে৷ এই টিকলা ওৰফে ৰেকিব আলী বহুদিন ধৰি কামৰূপ আৰক্ষীৰ মূৰৰ কামুৰণি হৈ আছিল আৰু অৱশেষত এই দুধৰ্ষ ডকাইতটো ৰঙিয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ টিকলা আটক হোৱা সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সংবাদিকৰ দলক টিকলাই মচলা দি বাতৰি সম্প্ৰচাৰ কৰিবৱৈ পৰামৰ্শ আগবঢ়ায়৷ টিকলাই লগতে জানিবলৈ দিয়ে যে তাৰ বহুকেইজনী গালফ্ৰেণ্ড আছে৷ এই গালফ্ৰেণ্ড কেইজনীক সময়ে সময়ে বহুমূলীয়া উপহাৰ দিব লাগে আৰু সেয়ে সি চুৰি কৰিবলৈ বাধ্য৷