মডেলঃ কিৰণ বড়ো

নিজৰ প্ৰতিভা, অগাধ বিশ্বাস, সীমাহীন ধৈৰ্য্য অশেষ জীৱন সংগ্ৰামেৰে সমাজ কল্যানৰ লগতে নিজৰ প্ৰতিভা ৰাইজৰ আগত উলিয়াই সকলো ক্ষেত্ৰতে সফলতা লাভ কৰা এগৰাকী মহিলা হৈছে কিৰণ বড়ো৷ সদ্যসমাপ্ত মহিলাসকলৰ সৌন্দৰ্য্য প্ৰতিযোগিতা মিচেছ ইণ্ডিয়া হোমমেকাৰ্ছ ২০১৭ত প্ৰথম ৰাৰ্ণাছ আপৰ খিতাপ দখল কৰে কিৰণ বড়োৱে৷ ৫৩ বছৰীয়া কিৰণ বড়োৱে কোনোদিনে ভবা নাছিল যে এই বয়সত তেওঁ ৰেম্পত খোজকাঢ়িব৷ কিন্তু হোমমেকাছৰ আয়োজক নাজ যোশীৰ আমন্ত্ৰণ ক্ৰমে তেওঁ এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ কৰি প্ৰথম ৰাৰ্ণাছ আপৰ খিতাপ দখলেৰে মিছেচ ৱেষ্ট এছিয়া আৰ্থত স্থান নিশ্চিত কৰে৷ আমেৰিকাৰ লছ ভেগাছত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ কাৰণে কিৰণ বড়োৱে এতিয়া পূৰ্ণ প্ৰস্তুতি চলাই আছে৷ তেওঁৰ এই সফলতাত তেওঁৰ পৰিয়াল খুবেই সুখী আৰু গৌৰৱাম্বিত৷ মঙ্গলদৈৰ মোগলবেচা গাঁৱৰ এটা সাধাৰণ জন্মগ্ৰহণ কৰা আৰু বৰ্তমান গুৱাহাটীৰ চান্দমাৰীৰ স্থায়ী বাসিন্দা কিৰণ বড়োৰ এই যাত্ৰা আছিল সংগ্ৰামেৰে ভৰা৷ কিৰণ বড়ো বৰ্তমান জনস্বাস্থ্য বিভাগৰ প্ৰথম বৰ্গৰ ঠিকাদাৰ হিচাপে কৰ্মৰত৷ তেওঁক আইৰণ লেডী বুলিও কোৱা হয়৷ এই নামৰ আঁৰত আছে তেওঁৰ সমাজ কল্যাণমূলক কাম, সাংস্কৃতিক প্ৰতিভা, খেলৰ প্ৰতিভা আৰু শেহতীয়াকৈ ফেশ্বন জগতৰ উপলদ্ধিসমূহ৷ ইয়াৰ বাবে তেওঁ বিশেষ ভাবে সমাদৃত হোৱাৰ লগতে আগবঢ়োৱা হৈছে বহুতো বঁটা৷ কিৰণ বড়োৱে ৫ বছৰ বয়সৰ পৰাই মঞ্চত অভিনয় আৰম্ভ কৰিছিল৷ ১৯৭৮ চনত তেওঁ বুঢ়া লুইতৰ বিভীষিকা নামৰ নাটকৰ বাবে শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটাও লাভ কৰে৷ তেওঁ কেবাবাৰো বিহু কুঁৱৰীৰ খিতাপো দখল কৰে৷ ১৯৯৮ চনত ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি পানৈ-জংকীত এক মুখ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়৷ ইয়াৰ উপৰি কিৰণ বড়োৱে নঙলা মুখৰ অনুভৱ, সুৰঙ্গৰ শেষত, চাহ গছৰে কুমলীয়া পাত আদি কেইবাখনো ছবিত অভিনয় কৰে৷ তেওঁ দূৰদৰ্শনতো ঘোষিকা হিচাপে দুই বছৰ কাম কৰিছিল৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ছবি অথেলোত তেওঁ পাব্লিচিতি ডিজাইনাৰ আৰু অন্তৰীণত প্ৰডাকছন ডিজাইনাৰ হিচাপে কাম কৰে৷ ২০১৩ বৰ্ষত আৰোহন গোষ্ঠীয়ে তেওঁক শিল্পী সাধনা বঁটাৰে সন্মানিত কৰে৷ তেওঁ মহিলা সৱলীকৰণ আৰু সজাগতা কৰাৰ ক্ষেত্ৰতো বিভিন্ন কাম কৰিছে৷ বহুতো  মহিলাই কয় আমাৰ একো নাই, আমি কেনেকৈ কাম কৰিম? তেনেকুৱা মহিলাসকলৰ মাজত গৈ কিৰণ বড়োৱে কৈছিল, আপোনালোকৰ দুখন হাত আছে, সুষ্ঠ শৰীৰ আৰু মন আছে৷ গতিকে নিজৰ সকলো থকা বুলি ভাবি কামত লাগিলে জীৱন যুদ্ধত নিশ্চয় জিকিব পাৰিব৷ তেওঁ বিভিন্ন অনাথ আশ্ৰম, বৃদ্ধাবাসত গৈ তেওঁলোকৰ লগত সময় কটোৱাৰ লগতে অনুদানো আগবঢ়ায় আহিছে৷ শেহতীয়াকৈ, চিৰাং জিলাৰ হাঁহ, কুকুৰা পালন, সৰিয়হ খেতি আদিৰ প্ৰচাৰ চলাইছে৷ এপিজে আব্দুল কালাম সদভাৱনা বঁটাও দিল্লীত লাভ কৰে৷

 

 

ডিজাইনাৰঃ প্ৰাঞ্জল প্ৰতিম, জ্যোতি কাশ্মিৰী, মুৱা নানু, নয়ন শইকীয়া, মুৱা মামনি, পল্লৱী

মেকআপঃ মামনি

ফটোঃ ডেভিল নিছাৰ, প্ৰাঞ্জল প্ৰতিম