গুৱাহাটী : আন্তৰ্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান পোৱা অসমৰ একমাত্ৰ ৰামছৰ ক্ষেত্ৰ হিচাপে পৰিচিত আৰু ভাৰতৰ ১৫ খন জলাশয়ৰ অন্যতম গুৱাহাটীৰ গাতে লাগি থকা দীপৰ বিলখন (Deepor Beel) বিগত প্ৰায় দুটা দশকত চৰকাৰী-বেচৰকাৰী প্ৰত্যক্ষ-পৰোক্ষ পৃষ্ঠপোষকতাত ধ্বংসৰ মুখলৈ গতি কৰিছে। আনকি ২০০৫ চনৰ পৰা গুৱাহাটী পৌৰ নিগমে দীপৰ বিলৰ সমীপত আৱৰ্জনা পেলোৱাৰ বাবে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা আৰু তাৰো আগৰে পৰা পামহী কেনেলৰে গুৱাহাটীৰ বৰ্জিত আৰু দূষিত পানীভাগ দীপৰ বিলত পেলাই অহাৰ ফলত দীপৰ বিলৰ পানী ভয়াবহভাৱে প্ৰদূষিত হৈ পৰিছে।

এনে ধৰণৰ পৰিৱেশ ধ্বংসকাৰী কার্য বন্ধ কৰি দীপৰ বিলক উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত বিগত সময়ছোৱাত দীপৰ বিল সুৰক্ষা মঞ্চকে ধৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল। কিন্তু গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ (জিএমডি এ), গুৱাহাটী উন্নয়ন বিভাগকে ধৰি কোনো এটা বিভাগে বিলখনক উপযুক্তভাৱে সংৰক্ষণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাত ৰাইজৰ মাজতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অৱশেষত বিলখনক সংৰক্ষণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ কামনা কৰি তিনি পৰিৱেশ কর্মী ক্ৰমে দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক আৰু চকৰদৌৰ গো পালক প্ৰমোদ কলিতা, কাৰ্বিপাৰা ৰাইজ গয়ৰহৰ সভাপতি সনেশ টেৰণ আৰু গড়চুকৰ যুৱ সমাজকর্মী দীপক টেৰাঙে গুৱাহাটী উচ্চ ন্যায়ালয়ত অলপতে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছিল।

পৰিৱেশ কৰ্মী তিনিজনৰ আৱেদনৰ ভিত্তিত ৰজু হোৱা গোচৰৰ (গোচৰ নম্বৰ পিআইএল/১৮ /২০২৩) ভিত্তিত ১৭ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশে আবেদন গ্ৰহণ কৰি গুৱাহাটী পৌৰ নিগম, জিএমডিএ, ভাৰত চৰকাৰৰ বন, পৰিৱেশ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়, অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগকে ধৰি মুঠ ১৭ টা বিভাগ আৰু কৰ্তৃপক্ষক দীপৰ বিল সংৰক্ষণৰ বাবে এতিয়ালৈ কি কি তথা কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইয়াৰ প্ৰতিবেদন চাৰি সপ্তাহ বা অহা ২৭ এপ্ৰিলৰ ভিতৰত ন্যায়ালয়ত দাখিল কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছে। আৱেদনকাৰীৰ হৈ ন্যায়ালয়ত যুক্তি দাঙি ধৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দেৱজিৎ কুমাৰ দাসে।

অৱশ্যে ন্যায়ালয়ৰ জাননী লাভ কৰাৰ পাছত সেই বিভাগ বা কৰ্তৃপক্ষ সমূহে কি উত্তৰ দিয়ে সেয়াহে লক্ষণীয় হ’ব। উল্লেখ্য যে ২০০২ চনত দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা দুটা দশক অতিক্ৰম কৰিলে যদিও আগন্ত দিনত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰৰ মৰ্যাদা ধৰি ৰাখি পাৰিব নে নাই ইয়াকে লৈ প্ৰকৃতি প্ৰেমী সকল চিন্তিত হৈ আছে। ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাঁচকৈ বৈশিষ্টত উত্তীৰ্ণ হোৱা দীপৰ বিলে ক্ৰমাৎ হেৰুৱাবলৈ ধৰিছে এই বৈশিষ্ট্য সমূহ। ইয়াৰ প্ৰধান কাৰণ হৈছে প্ৰদূষণ। গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত দীপৰ বিল ৪.১৪ বৰ্গ কিঃমিঃ এলেকাত বিস্তৃত। অতিকৈ পৰিতাপৰ বিষয় যে প্ৰদূষণ আৰু বেদখলকাৰী কবলত পৰি নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁজ চলাই থকা দীপৰ বিলৰ আজি পৰ্যন্ত সীমা নিৰ্ধাৰণ কৰা নহ’ল।

ইয়াৰ মাজতে চলিত বৰ্ষৰ আৰম্ভণিতে দীপৰ বিল পৰা ভাল খবৰ লাভ আহিছে। দীপৰ বিলত বৃদ্ধি পাইছে চৰাইৰ সংখ্যা। পূৰ্বৰ তুলনাত বিভিন্ন প্ৰজাতিৰ বৃহৎ সংখ্যক চৰাই এইবাৰ দেখিবলৈ পোৱা হৈছে দীপৰ বিলত। এইবাৰ চৰাইৰ গণনাত ৯৭ টা প্ৰজাতিৰ ২৬,৭৪৭ টা চৰাই দেখিবলৈ পোৱা গৈছে দীপৰ বিলত। পক্ষী অভয়াৰণ্যখনত চৰাইৰ সংখ্যা বৃদ্ধি পোৱাত উৎফুল্লিত হৈ পৰিছে বন বিভাগৰ লগতে প্ৰকৃতি প্ৰেমী সকল। যোৱা ৪ জানুৱাৰীত অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ দীপৰ বিলত চৰাই গণনা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। বন বিভাগ, বেচৰকাৰী সংস্থা আৰু পক্ষী বিশেষজ্ঞৰ এটা দলে পক্ষী অভয়াৰণ্যখনত চৰাইৰ গণনা চলাইছিল। এইবাৰ দীপৰ বিলত পূৰ্বৰ তুলনাত বৃহৎ সংখ্যক চৰাই দেখিবলৈ পায় চৰাই গণনাৰ লগত জড়িত দলটোৱে। দলটোৱে ৯৭ টা প্ৰজাতৰি ২৬,৭৪৭ টা চৰাই প্ৰত্যক্ষ কৰে দীপৰ বিলত।