গুৱাহাটী : চি এ ডি ডি চেণ্টাৰ ট্ৰেইনিং চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ সৃষ্টিশীল দক্ষতা বিকাশৰ ক্ষেত্ৰৰ অন্যতম পদক্ষেপ ‘ড্ৰীম জ’ন স্কুল অৱ ক্ৰিয়েটিভ ষ্টাডিজ’ৰ (Dream Zone) উদ্যোগত প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ সৃষ্টিশীলতা আৰু কৰ্মৰ ওপৰত আলোকপাত কৰিবলৈ এক মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে ১৭ মাৰ্চত গুৱাহাটীৰ আই টি এ মাছখোৱাত দিনজোৰা কাৰ্যসূচীৰে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। ইণ্টেৰিয়ৰ ডিজাইন, গহনা ডিজাইনৰ প্ৰদৰ্শনী আৰু গ্ৰাফিক, চুটি ছবি আৰু ৱেব ডিজাইনৰ প্ৰতিযোগিতাৰ জৰিয়তে শিক্ষাৰ্থী সকলৰ সৃজনশীলতাক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে ‘ড্ৰীম জ’ন মেলাঞ্জ ২০২৩’ নামৰ বাৰ্ষিক অনুষ্ঠানটো অনুস্থিত কৰা হয় ।

ইয়াৰ উপৰিও, শিক্ষাৰ্থীসকলে এক ফেশ্যন শ্ব’ত অংশগ্ৰহণ কৰে যাৰ পিছত পুৰস্কাৰ বিতৰণ আৰু স্নাতক ডিগ্ৰী প্ৰদান সমাৰোহ অনুষ্ঠিত কৰা হয়। ড্ৰীম জ’নৰ পৰিচালনা সঞ্চালক এছ কে চেলভান, ড্ৰীম জ’ন গুৱাহাটীৰ প্ৰতিষ্ঠাপক হিমাদ্ৰী বৰপূজাৰী আৰু সমুজ্জল বৰুৱাৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃ আৰতি বৰপূজাৰী আৰু অৰুণ চন্দ্ৰ বৰুৱা আৰু ড্ৰীম জ’নৰ কেন্দ্ৰ মুৰব্বী মন্মথ বৰদলৈয়ে অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানটো উদ্বোধন কৰে বিশিষ্ট হস্ততাঁত ফেশ্বন উদ্যোগী মেঘালী দাসে। ড্ৰীম জ’ন হৈছে ভাৰতৰ সৃষ্টিশীল আৰু ডিজাইন শিক্ষাৰ বাবে এক উন্নত তথা উল্লেখযোগ্য প্ৰশিক্ষণ প্ৰতিষ্ঠান। ২০০৫ চনত প্ৰতিষ্ঠা হোৱা ড্ৰীম জ’নৰ বৰ্তমান সমগ্ৰ ভাৰততে ১০০ তকৈয়ো অধিক কেন্দ্ৰ আছে যিয়ে সামূহিকভাৱে প্ৰায় ৯০ টাতকৈও অধিক পাঠ্যক্ৰম আগবঢ়ায়।

যুৱ সমাজৰ সৃজনশীল মন মগজুক সঠিক পথত সঠিক ৰূপত ব্যৱহাৰ কৰি নিতৌ নতুন উদ্ভাৱনৰ উদ্দেশ্যে  ড্ৰীম জ’নে বিগত ১৭ বছৰ ধৰি গ্রাফিক ডিজাইন, ৱেব ডিজাইন ও ডেভেলপমেণ্ট, এনিমেশ্যন আৰু ভি এফ এক্স, ইণ্টেৰিয়ৰ আৰ্কিটেকচাৰ আৰু ডিজাইন, ফেশ্যন ডিজাইন আৰু গহনা ডিজাইনৰ দৰে সৃষ্টিশীল ডিজাইনৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। “সৃষ্টিশীল অধ্যয়নৰ বিদ্যালয়খনে অভিজ্ঞতাভিত্তিক শিক্ষণ পদ্ধতি আৰু সহযোগিতামূলক শিক্ষণ কৌশল গ্ৰহণ কৰে। আমি ২০১১ চনত ফ্ৰেঞ্চাইজি ইণ্ডিয়া হোল্ডিংছৰ বছৰৰ শ্ৰেষ্ঠ ফ্ৰেঞ্চাইজিং কনচেপ্ট বঁটা আৰু বছৰটোৰ দ্ৰুততম উদীয়মান আই টি এনেবলড ক্ৰিয়েটিভ ট্ৰেইনিং ইনষ্টিটিউটৰ বঁটা ২০১৭; ২০১৩ চনত ১২ ঘণ্টাৰ অবিৰত প্ৰদৰ্শনীৰ বাবে লিমকা বুক অফ ৰেকৰ্ডছত স্থান লাভ; ২০১৮ চনত ‘সৰ্বাধিক দীঘলীয়া ফেশ্যন শ্ব’’ আৰু একেৰাহে একেখন অনুষ্ঠানত সৰ্বাধিক ডিজাইনাৰ উপস্থিত থকাৰ বাবে অনন্য বিশ্ব অভিলেখ আৰু প্ৰায় ২৫ ঘণ্টা ধৰি ‘সৰ্বাধিক ডিজাইনাৰৰ উপস্থিতিত একক অবিৰত ফেশ্যন শ্ব’ উপস্থাপন’ কৰাৰ বাবে ২০১৮ চনত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভূক্ত হৈছোঁ,” ড্ৰীম জ’নৰ পৰিচালন সঞ্চালক এছ কে চেলভানে এইদৰে কয়।

প্ৰতিষ্ঠানটো আই আই আই ডি ইনষ্টিটিউট অৱ ইণ্ডিয়ান ইণ্টেৰিয়ৰ ডিজাইনাৰছ, চি এম এ আই ক্লথিং মেনুফেকচাৰ্ছ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া, এ এছ আই এফ এ হলিউড (ইণ্টাৰনেশ্যনেল এনিমেটেড ফিল্ম ছ’চাইটি), আই চি অ জি আৰ এ ডি এ (ইণ্টাৰনেশ্যনেল কাউন্সিল অৱ গ্রাফিক ডিজাইন এছ’চিয়েশ্যন)ৰ সৈতে জড়িত হৈ আছে। ইয়াৰ উপৰিও, পাঠ্যক্ৰমবোৰ এন এছ ডি চি’ৰ দ্বাৰাও অনুমোদিত। ড্ৰীম জ’নৰ মণ্ডল মুৰব্বী অভিষেক মিশ্ৰই কয় “ভাৰতত সৃষ্টিশীল আৰু ডিজাইন প্ৰশিক্ষণৰ নেতৃত্ব লোৱা আগশাৰীৰ উদ্যোগ হিচাপে ড্ৰীম জ’নে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতাক প্ৰচাৰ, প্ৰসাৰ আৰু উদযাপনৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান অনুষ্ঠিত কৰে। ড্ৰীম জ’নৰ বাৰ্ষিক ফ্লেগশ্বিপ অনুষ্ঠানসমূহ হ’ল:  নান্দনিকতা, ইণ্টেৰিয়ৰ ডিজাইনৰ প্ৰদৰ্শনী, ভাইবছ, ফেশ্যন শ্ব’, শিক্ষাৰ্থীসকলৰ বাবে তেওঁলোকৰ প্ৰতিভা আৰু পোছাক সৃষ্টিৰ দক্ষতা প্ৰদৰ্শনৰ বাবে গঢ়ি তোলা এক মঞ্চ আৰু এনিগ্ৰা নামৰ এক চলচ্চিত্ৰ মহোৎসৱ য’ত এনিমেশ্যন ছবি আৰু ভিজুৱেলৰ সৈতে ছবি প্ৰদৰ্শন কৰা হয়।”