জোনাই : অসম আৰক্ষীৰ (Assam Police) বৃহৎ সাফল্য। অসম আৰক্ষীয়ে বন বিভাগৰ লগত এক যুটীয়া অভিযান চলাই কেইবা লক্ষাধিক টকা মূল্যৰ হাতী দাঁতসহ (Elephant Tusk) আটক কৰিলে দুজনক। হাতী দাঁতসহ জালত পৰা লোক দুজন চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ। অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত।

জোনাইত কেইবা লক্ষাধিক টকা মূল্যৰ ৭ টাকৈ হাতী দাঁত (Seven Elephant Tusk) আৰু এটা বন্দুক উদ্ধাৰ। জোনাই আৰক্ষীয়ে এক অভিযান চলাই অৰুণাচল প্ৰদেশৰ দুজন লোকক ৭ টাকৈ হাতী দাঁত আৰু বন্দুকসহ আটক কৰে। জোনাই আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

অসম-অৰুনাচল প্ৰদেশ সীমান্তত মঙলবাৰে নিশাৰ ভাগৰ পৰা জোনাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত এই অভিযান।চলিছিল। অভিযানকাৰী আৰক্ষীৰ দলটোৱে বুধবাৰে পুৱা প্ৰায় ৮ বজাত লক্ষী নেপালী বস্তিত বেচা-কিনা কৰিবলৈ অহা অৰুণাচল প্ৰদেশৰ দুজন লোকক হাতীৰ দাঁতসহ আটক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন অৰুণাচল প্ৰদেশৰ লোক দুজনৰ পৰা এখন চুইফ ডিজায়াৰ বাহন, ৭ টা হাতীৰ দাঁত, এটা বন্দুক, তিনটা মবাইল ফোন আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে আৰক্ষীয়ে। আটকাধীন লোক দুজন অৰুণাচল প্ৰদেশৰ চিলে থানাৰ অন্তৰ্গত টাডে জামহ আৰু টাগে ৰিনা বুলি জানিব পৰা গৈছে৷

আৰক্ষীয়ে জব্দ কৰা ৭ টা হতীৰ দাঁত পৰীক্ষাৰ বাবে জোনাই বন বিভাগক গতাই দিয়ে। বন বিভাগে পুনৰ পৰীক্ষাৰ অন্তত হাতীৰ দাঁত কেইটা জোনাই থানা লৈ আহে। জব্দ কৃত হাতী দাঁত সমূহৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা হ’ব বুলি জানিব দিয়ে জোনাই আৰক্ষী বিষয়া ভাৰ্গমুনি দাসে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অসম অৰুণাচল প্ৰদেশ সীমান্তত হাতীৰ দাঁতৰ চোৰাং ব্যৱসায় চলি থকাৰ এক খবৰৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলাই সাফল্য লাভ কৰে আৰক্ষীয়ে। অধিক তথ্যৰ বাবে আটকাধীন লোক দুজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।