মুকালমুৱা : হিদিলাট্টাৰীৰ গাহৰি ফাৰ্মক (Pork Farm) কেন্দ্ৰ কৰি সৃষ্টি হ’ল ভয়ংকৰ পৰিস্থিতিৰ। ৰাইজৰ প্ৰতিবাদক দমন কৰিবলৈ আইন হাতত তুলি ল’লে মালিক পক্ষই। জিলা প্ৰশাসন আৰু আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাত ক্ষোভিত হৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ল গাঁৱৰ। অৱশেষত প্ৰশাসনৰ আশ্বাসত শান্ত হ’ল গাঁওবাসী।

নলবাৰী জিলাৰ মুকালমুৱাৰ হিদিলাট্টাৰীত মঙলবাৰে সন্ধিয়াৰ ভাগত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ৷ সন্ধিয়া হঠাৎ হিদিলাট্টাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এখন গাহৰি ফাৰ্মক কেন্দ্ৰ কৰি। গাঁওখনৰ প্ৰাঞ্জল ডেকা নামৰ এজন চিকিৎসকে ঘৰতে এখন গাহৰি ফাৰ্ম খুলিছে। কিন্ত গাঁওবাসীৰ অভিযোগ যে প্ৰাঞ্জল ডেকাৰ গাহৰি ফাৰ্মৰ বাবে গাঁওখনৰ পৰিৱেশ বিনষ্ট হৈছে।

প্ৰাঞ্জল ডেকাৰ গাহৰি ফাৰ্মৰ বাবে দীৰ্ঘদিন ধৰি গাঁওখনৰ ৰাইজ জীয়াতু ভুগিব লগা হৈছে। কাৰণ ফাৰ্মখনৰ পৰা সৃষ্টি দুৰ্গন্ধ আৰু প্ৰদূষণৰ ফলত গাঁওবাসী শান্তিৰে থাকিব পৰা নাই। ফাৰ্মখনৰ প্ৰদূষণৰ ফলত গাঁৱৰ বহু লোক ৰোগীয়া হৈ পৰা বুলিও গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰি দীর্ঘদিন ধৰি গাহৰি ফাৰ্মখন বন্ধ কৰাৰ দাবী জনাই আহিছে।

গাহৰি ফাৰ্মখন বন্ধ কৰাৰ দাবীত গাঁওবাসীয়ে কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰি জিলা প্ৰশাসন আৰু আৰক্ষীক ফাৰ্মখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই আহিছিল যদিও জিলা প্ৰশাসন আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে। অৱশেষত মঙলবাৰে পুনৰ গাঁওবাসী গাহৰি ফাৰ্মখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে।

গাঁওবাসীৰ প্ৰতিবাদ বন্ধ কৰাৰ বাবে গাহৰি ফাৰ্মখনৰ মালিক পক্ষই প্ৰতিবাদকাৰী সকলৰ ওপৰত বিষাক্ত স্প্ৰে মাৰি দিয়াত কেইবাজনো লোক অচেতন হৈ পৰে বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে। আনকি প্ৰতিবাদকাৰীৰ ওপৰত মালিক পক্ষই আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে। ইয়াৰ পিছতে পৰিস্থিতিৰ অধিক অৱনতি ঘটে। গাঁওখনৰ সকলো ৰাইজ ওলাই আহি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।

ঘটনাৰ খবৰ পাই মুকালমুৱা আৰক্ষী আৰু দৌলাশল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ চেষ্টা চলায় যদিও ব্যৰ্থ হয়। পৰৱৰ্তী সময়ত নলবাৰীৰ অতিৰিক্ত উপায়ক্ত চয়নিকা ঠাকুৰীয়া ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক গাহৰি ফাৰ্মখন শীঘ্ৰে বন্ধ কৰাৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহে৷ উল্লেখ্য যে গাহৰি ফাৰ্মখনৰ বাবে হিদিলাট্টাৰীৰ গাঁৱৰ ৰাইজ দীৰ্ঘদিন ধৰি যমৰ যন্ত্ৰণা ভুগি আহিছে।