নিউজ ডেস্ক : আফগানিস্তানত এতিয়া চলিছে হত্যালীলা। তালিবানৰ (Taliban) দখলৰ পিছতে আফগানিস্তাত আৰম্ভ হৈছে মুকলি হত্যালীলা। আফগানিস্তান দখলৰ পিছৰে পৰা বৰ্তমানলৈকে কোনো ধৰণ বিচাৰ নকৰাকৈ ২৩৭ লোকক হত্যা কৰিছে তালিবানে।

এক প্ৰতিবেদনত পোহৰলৈ আহিছে আফগানিস্তানৰ ভয়ংকৰ তথ্য। তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা অধিক অৱনতি ঘটিছে আফগানিস্তানৰ পৰিৱেশৰ। খামা প্ৰেছ ইন্টাৰনেশ্যনেল এমেনষ্টিৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তালিবান শাসনলৈ অহাৰ পিছৰে পৰা কোনো ধৰণ বিচাৰ নোহোৱাকৈ ২৩৭ জন লোকক নিৰ্মমভাৱে হত্যা কৰিছে তালিবানে।

এমেনষ্টি ইন্টাৰনেশ্যনেল নামৰ এক বেচৰকাৰী সন্থাই ২০২১-২০২২ বৰ্ষৰ পৰা আফগানিস্তানৰ পৰিস্থিতি বিশ্লেষণ কৰি ৪১৬ পৃষ্ঠাৰ এক প্ৰতিবেদন উলিয়াইছে।প্ৰতিবেদনত আন্তজাৰ্তিক সংগঠনটোৰ সাধাৰণ মূল্যায়নে সুচায় যে আফগানিস্তানত মানৱ অধিকাৰৰ দ্ৰুত গতিত অৱনমিত ঘটিছে। ২৩৭ জনকৈ লোকক কোনো ধৰণৰ বিচাৰ নকৰাকৈ নিৰ্মমভাৱে তালিবানে হত্যা কৰিছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

ইয়াৰ উপৰিও প্ৰতিবেদনখনত ১৮ নৱেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈকে সমগ্ৰ আফগানিস্তানত ৰাজহুৱা ষ্টেডিয়ামত ১০০ ৰো অধিক লোকক কোবোৱাৰ তথ্য আছে। ডিচেম্বৰত পশ্চিম ফাৰাহ প্ৰদেশত প্ৰথমবাৰৰ বাবে এজন অভিযুক্ত অপৰাধীক ৰাজহুৱাভাৱে মৃত্যুদণ্ড দিয়া হৈছিল। প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে তালিবানৰ শাসনৰ পিছত আফগানিস্তানত মহিলাত শিক্ষাৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে।

তালিবানৰ শাসনৰ পিছতে আফগানিস্তানৰ সংবাদ মাধ্যমৰ বাক স্বাধীনতাও খৰ্ব কৰা হৈছে। সংবাদ মাধ্যমৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে তালিবানে। আফগানিস্তানত মানৱ অধিকাৰৰ পৰিস্থিতি উন্নত কৰাৰ উপায়বোৰ বন্ধ হৈ পৰিছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।আফগানিস্তানত শান্তিপূৰ্ণ প্ৰতিবাদ, অত্যাচাৰ আৰু হত্যাৰ ঘটনাও বৃদ্ধি পাইছে।