নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ : এক গোপন সূত্ৰই প্ৰকাশ কৰা অনুসৰি সন্ত্ৰাসবাদী সংগঠনৰ নেতা মাছুদ আজহাৰক গোপনে জে’লৰ পৰা মুক্ত কৰিছে পাকিস্তানে । উল্লেখযোগ্য যে এই মাছুদ আজহাৰ পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ নেতা।

১৪ ফেব্ৰুৱাৰীত পুলৱামাত ভাৰতীয় সেনা জোৱানৰ ওপৰত চলোৱা আক্ৰমণৰ পাছত জইছ-ই-মহম্মদৰ নেতা মাছুদ আজহাৰক গ্ৰেপ্তাৰৰ দাবী তুলিছিল , পাকিস্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল আন্তঃৰাষ্ট্ৰীয় মহলে। তাৰ পাছতে সন্ত্ৰাসবাদীজনক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছিল পাকিস্তানে । পিছে এই সন্ত্ৰাসবাদীজনক সম্প্ৰতি গোপনে মুকলি কৰি দিছে পাকিস্তানে ।

বিভিন্ন সংবাদমাধ্যমত প্ৰকাশিত মতে চোৰাংচোৱাৰ খবৰ অনুসৰি যিকোনো সময়তে ভাৰতত আক্ৰমণ চলাব পাৰে পাকিস্তানে । গোপনে সন্ত্ৰাসবাদী ভাৰতলৈ প্ৰেৰণ কৰি কূটাঘাত সংঘটিত কৰাৰ ষড়যন্ত্ৰ ৰচিছে পাকিস্তানে । যাৰ বাবে মাছুদ আজহাৰক বন্দী কৰি নাৰাখি মুক্তি কৰি দিয়া হ’ল বুলি সন্দেহ কৰা হৈছে ।

ইফালে চোৰাংচোৱা সংস্থাৰ সতৰ্কবাণীৰ পিছতে সীমান্তত অধিক সষ্টম হৈ পৰিছে ভাৰতীয় সেনা। তীক্ষ্ণ নজৰ ৰাখিবলৈ দিয়া হৈছে ভাৰতীয় সেনা বাহিনীক জম্মু-কাশ্মীৰ সীমান্ত আৰু ৰাজস্থান সীমান্তত পাকিস্তানৰ ওপৰত ।