গুৱাহাটী, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ : বেলতলা তিনি আলিত থকা বিষ্ণু মন্দিৰৰ সমীপত উপৰ্যুপৰি চুৰিকঘাটৰ ঘটনা । পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হয় এই ঘটনা ।

মহানগৰীৰ বেলতলাত লক্ষ্য কলিতা নামৰ লোকজনে নিজ পত্নী অমিনুৱাৰা বেগমক উপৰ্যুপৰি চুৰীৰে তিনি ঠাইত তিনিবাৰকৈ চুৰিৰে আঘাত সানে । উল্লেখ্য যে লক্ষ্য কলিতাৰ ঘৰ বকো আৰু আনুৱাৰা বেগমৰ ঘৰ গৰৈমাৰীত । বেলতলাত দুয়ো ঘৰ ভাড়া কৰি আছিল । বিগত ৫ বছৰ ধৰি সংসাৰ কৰি আহিছিল দুয়ো ।

স্বামীৰ অভিযোগ অনুসৰি বিশ্ব কলিতা নামৰ যুৱকজনৰ সৈতে পত্নীৰ আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক আৰু এই পৰকীয়া প্ৰেমৰ ক্ষোভতে খাপ পিটি থকা লক্ষ্যই বিশ্ব কলিতাৰ হোটেলৰ পৰা উভতাৰ পথত উপৰ্যুপৰি আক্ৰমন কৰে পত্নী আমিনুৱাৰাক ।

ইফালে মহিলা গৰাকীক আক্ৰমণ কৰাৰ পিছতে স্থানীয় ৰাইজে আক্ৰমনকাৰী লক্ষ্যক উত্তম মাধ্যম শোধাই বশিষ্ঠ আৰক্ষীক গতাই দিয়ে।

নিশা প্ৰায় দহ বজাত ঘটা এই ঘটনাৰ পিছতে আৰক্ষীযে দুই জনক হেলথ চিটি হস্পিতালত ভৰ্তি কৰায় যদিও সংকটজনক অৱস্থাত নিশাই মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে।