অভিনেতাৰ পৰা নেতা হোৱাৰ উদাহৰণ বহুতো আছে, কিন্তু অভিনেতাৰ পৰা প্ৰথম বাৰলৈ প্ৰধানমন্ত্ৰী হ’বলৈ ওলাইছে অনুপম খেৰ। অতি সোনকালে প্ৰধানমন্ত্ৰীৰ ৰূপত দেখিবলৈ পোৱা যাব হিন্দী ছবি জগতৰ অভিনেতা অনুপম খেৰক। সকলো ঠিকে থাকে থাকিলে অহা বছৰ ডিচেম্বৰত অনুপম খেৰক প্ৰধানমন্ত্ৰীৰ ৰূপত দেখা পোৱা যাব। সাধাৰণতে অনুপম খেৰ বিজেপিৰ সমৰ্থক হিচাপে জনা যায় যদিও তেওঁক কংগ্ৰেছীৰ প্ৰধানমন্ত্ৰীৰ হিচাপেহে আহিব। আচৰিত যেন লাগিলেও আচৰিত হ’ব লগা একো নাই, কাৰণ অনুপম খেৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ চৰিত্ৰত অভিনয়হে কৰিব। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্রী মনমোহন সিঙৰ প্ৰেছ উপদেষ্টা সঞ্জয় বাৰুৰ কিতাপ ‘দি এক্সিডেন্টিয়েল পাইম মিনিষ্টাৰঃ দি মেকিং এণ্ড আনমেকিং অফ মনমোহন সিং’- ওপৰত ভিত্তি কৰি নিৰ্মাণ হ’বলৈ গৈ আছে এখন ছবি। এই ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ভূমিকাত দেখা পোৱা যাব অনুপম খেৰক। যদি সকলো ঠিকে থাকে তেন্তে অহা বছৰ ডিচেম্বৰত ছবিখন মুক্তি পাব আৰু দৰ্শকে অনুপম খেৰক প্ৰধানমন্ত্ৰীৰ ৰূপত দেখা পাব। জাতীয় পুৰস্কাৰ বিজয়ী হনছল মেহতাৰ দায়িত্ব দিয়া হৈছে ছবিখনৰ চিত্ৰনাট্যৰ কাম। মুখ্য ভূমিকাত অনুপম খেৰ থকাৰ বিপৰীতে অন্যান্য চৰিত্ৰবোৰৰ বাবে এতিয়াও কাৰো নাম ঠিৰাং কৰা হোৱা নাই। গেঙ অফ ৱাসেপুৰ, চাহেব বিৱি অউৰ গেঙষ্টাৰৰ প্ৰযোজক সুনীল বোধৰাই ছবিখন প্ৰযোজনা কৰিব।