অনলাইন ডেস্ক সংবাদ ৩৬৫, ৬ জুনঃ জম্মু কাশ্মীৰৰ বান্দীপুৰাত সোমবাৰে পুৱতি নিশা চি আৰ পি এফৰ জোৱানৰ গুলিত চাৰিজনকৈ উগ্ৰপন্থী নিহত হয়। উগ্ৰপন্থী কেইজন বান্দীপুৰাস্থিত চি আৰ পি এফ কেম্পত আন্ধাৰৰ সুযোগ লৈ প্ৰৱেশ কৰিবলৈ লওঁতে চি আৰ পি এফ জোৱানৰ গুলিত নিহত হয়। কোনো ডাঙৰ কূটাঘাট সংঘটিত কৰিবলৈ সোমবাৰে পুৱতি নিশা এই চাৰিজনীয়া উগ্ৰপন্থীৰ দলে চি আৰ পি এফ কেম্পত সোমাবলৈ চেষ্টা কৰি থাকোঁতে ৰোজাৰ চেহেৰি (ৰোজাৰ পালনৰ বাবে পুৱতি নিশা গ্ৰহণ কৰা অহাৰ) খাবলৈ লওঁতে কমাণ্ডেণ্ট ইকবলে উগ্ৰপন্থী কেইজনক দেখা পায়। কেম্পত উগ্ৰপন্থী সোমাবলৈ চেষ্টা কৰা দেখি ইকবলে চেহেৰি এৰি হাতত বন্দুক লোৱাৰ লগতে নিজৰ সতীৰ্থসকলকো উগ্ৰপন্থী অহাৰ কথা অৱগত কৰি আক্ৰমণৰ বাবে সাজু হয়। ইকবাল আৰু তেওঁৰ সতীৰ্থসকল বুদ্ধিমত্তাৰ পৰিচয় দি উগ্ৰপন্থী কেইজনক মাৰিবলৈ সক্ষম হয়। কমাণ্ডেণ্ট ইকবলে ৰোজা পালনৰ বাবে চেহেৰি খাবলৈ পুৱতি নিশা টোপনিৰ পৰা উঠাৰ কাৰণে কেইবাজনো চি আৰ পি এফ জোৱানৰ প্ৰাণ ৰক্ষা পৰে। চেহেৰি এৰি দেশ আৰু নিজৰ সতীৰ্থৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে গৃহমন্ত্ৰী ৰাজনাথ সিঙেও ইকবলৰ বীৰত্বৰ প্ৰশংসা কৰে। ৰাজনাথ সিঙে উগ্ৰপন্থী আক্ৰমণৰ পৰা দেশক ৰক্ষা কৰাৰ বাবে ইকবালৰ সহযোগী কমাণ্ডেণ্ট শংকৰলাল জত, পংকজ হুল্লু, পংকজ কুমাৰ, দীনেশ ৰাজা আৰু প্ৰফুল্ল কুমাৰৰো প্ৰশংসা কৰে।