গুৱাহাটী, সংবাদ ৩৬৫, ১ নৱেম্বৰ : এটা গাহৰিক কেন্দ্ৰ কৰি গৰ্ভৱতী মহিলাক দলবদ্ধ প্ৰহাৰ । প্ৰহাৰৰ লগত জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত সোণাপুৰত শতাধিক পুৰুষ আৰু মহিলাৰ উত্তাল প্ৰতিবাদ ।

যোৱা ২৪ অক্টোবৰত সংঘটিত হৈছিল এই প্ৰহাৰৰ ঘটনা। সোণাপুৰৰ ডিগাৰুৰ ৰীতা মুৰাৰী। বয়স ১৯ বছৰ। অঞ্জলি নামৰ প্ৰতিবেশীৰ ঘৰত প্ৰৱেশ কৰিছিল ৰীতাৰ এটা গাহৰি। যাৰ বাবে প্ৰতিবেশী মাতৃ-পুত্ৰৰ লগতে চাৰি গৰাকী মহিলাই দলবদ্ধভাৱে প্ৰহাৰ কৰে গৰ্ভৱতী ৰীতাক।

আনহাতে দলবদ্ধ প্ৰহাৰৰ ফলত সম্প্ৰতি জি এম চি এইছত মৃত্যুৰ সৈতে যুঁজি আছে গৰ্ভৱতী মহিলাগৰাকীয়ে ।

ইফালে প্ৰহাৰৰ লগত জড়িত মূল অভিযুক্ত অঞ্জলি ৰংপি আৰু মাইকেল ৰংপিক শুকুৰবাৰে গ্ৰেপ্তাৰৰ দাবীত সোণাপুৰ আৰক্ষী থানাৰ লগতে সোণাপুৰ ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰীসকলে ।

ইতিমধ্যে উক্ত ঘটনাৰ সন্দৰ্ভত কেচ নম্বৰ ৫৮০/১৯ আই পি চি ১৩৪, ১৪৭, ৪৪৮, ৩৫৪, ৩২৫, ৩২৬ আৰু ৩০৭ নম্বৰত সোণাপুৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে ।