গুৱাহাটী, সংবাদ ৩৬৫, ১ নৱেম্বৰ : শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই পূৰ্বৰ দৰেই আয়োজন কৰিছে ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থ মেলাৰ ।

১ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈকে চানমাৰি অসম অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাৰ শুভ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু,ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

উদ্বোধনী অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অসম সাহিত্য সভাই আগবঢ়োৱা শশীচন্দ্ৰ বৰবৰুৱা বঁটা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্তাধিকাৰী জয়ন্ত বৰুৱাক প্ৰদান কৰিব।