মানিকপুৰ, ১৩ অক্টোবৰ, ২০২৩ : মানিকপুৰবাসীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী (Protest)। এটাৰ পিছত আনটো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আছে মানিকপুৰবাসীয়ে। শুকুৰবাৰে পুনৰ মানিকপুৰত ৰাজপথ কপালে শ শ পুৰুষ-মহিলাই। মানিকপুৰৰ পৰা পদযাত্ৰা কৰি বঙাইগাঁও আয়ুক্তৰ জড়িয়তে স্মাৰক পত্ৰ প্ৰদানৰ বাবে মানিকপুৰবাসীৰ এই পদযাত্ৰা।

শুকুৰবাৰে পুনৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে মানিকপুৰবাসী ৰাইজে। শ শ পুৰুষ-মহিলাই পদযাত্ৰা উলিয়াই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। মানিকপুৰ উপ জিলা ঘোষণাৰ দাবীত মানিকপুৰবাসী ৰাইজে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখি শুকুৰবাৰে এই পদযাত্ৰা উলিয়াই। মানিকপুৰ উপ জিলা ঘোষনা কৰাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথৰে শ শ পুৰুষ-মহিলাই প্ৰতিবাদী পদযাত্ৰা উলিয়াই ৰাজপথ কঁপাই তোলে।

মাণিকপুৰৰ পৰা বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয় লৈ পদযাত্ৰা কৰি মানিকপুৰবাসীয়ে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আমাৰ দাবী মানিব লাগিব, মানিকপুৰ উপ জিলা ঘোষণা কৰিব লাগিব আদি বিভিন্ন শ্ল’গান দি প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় ঘাইপথৰে বৃহৎ পদযাত্ৰা কৰি আগুৱাই যায়।
মানিকপুৰৰ পৰা বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয় লৈ পদযাত্ৰা কৰি মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ উদ্দেশ্যেৰে এই পদযাত্ৰা উলিয়াই মানিকপুৰবাসীয়ে।

উল্লেখ্য যে বিগত এমাহ ধৰি মানিকপুৰ উপ জিলা ঘোষণাৰ দাবীত মানিকপুৰবাসীয়ে ধাৰাবাহিক আন্দোলন চলাই আছে। শুকুৰবাৰে ৰাতিপুৱা ৭-৩০ বজাত মাণিকপুৰৰ অৰ্দ্ধ সাপ্তাহিক বজাৰ গৃহৰ পৰা বঙাইগাঁও আয়ুক্ত কাৰ্যালয় লৈ উলিওৱা এই পদযাত্ৰাত শ শ পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে। মানিকপুৰক প্ৰথম অৱস্থাত সমষ্টি হিচাপে চৰকাৰে ঘোষনা কৰিছিল যদিওঁ পৰৱৰ্তী সময়ত সমষ্টি কৰ্তন কৰে। ফলত উপ জিলাৰ পৰা বঞ্চিত হয় মাণিকপুৰবাসী ৰাইজ ।

মানিকপুৰক উপ জিলা ঘোষণা নকৰিলে এনেধৰনৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে। উল্লেখ্য যে কিছুদিন পূৰ্বে মানিকপুৰ উপ জিলা ঘোষণাৰ দাবীত মানিকপুৰবাসী ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল। পৰৱৰ্তী সময়ত এই আন্দোলনৰ ধাৰা অব্যাহত ৰাখি মানিকপুৰবাসী ৰাইজে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ধাৰাবাধিক প্ৰতিবাদ সাব্যস্ত কৰি আছে।