শোণিতপুৰ, ১৩ অক্টোবৰ, ২০২৩ : গৰু আৰু কচু বিক্ৰী কৰা ডেৰ লাখ টকা জ্বলি ভস্মীভূত।গৰু বিক্ৰী কৰি ৯০ হাজাৰ টকা আৰু খেতিৰ কচু বিক্ৰী কৰি ৬০ হাজাৰ টকা জমা ৰাখিছিল ঘৰত। এতিয়া সকলো হেৰুৱাই চকুৰে বাট নেদেখা হৈছে এজন কৃষক (Farmer)। ঘৰত কোনো নথকা অৱস্থাত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত কৃষকজনৰ সকলো জ্বলি ছাই হ’ল। মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য এতিয়া কৃষকজন পৰিয়াল।

এজন কৃষকৰ ঘৰত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত কৃষকজনে ঘৰত জমা কৰি ৰখা নগদ ডেৰ লাখ টকা জ্বলি ভস্মীভূত হয়। কৃষকজনে কিছুদিন পূৰ্বে গৰু বিক্ৰী কৰি ৯০ হাজাৰ টকা আৰু খেতিৰ কচু বিক্ৰী কৰি ৬০ হাজাৰ টকা ঘৰত জমা ৰাখিছিল। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত কৃষকজনৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডত নগদ ডেৰ লাখ টকাসহ সম্পূৰ্ণ ঘৰ জ্বলি ভস্মীভূত হয়। কৃষকজনৰ ট্ৰেক্টৰো অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হয়।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় শোনিতপুৰ জিলাৰ বালিগাঁও সমীপৰ চিকমত। বৃহস্পতিবাৰে সন্ধিয়া চিকম নিৱাসী দালুন মিলি নামৰ কৃষক এজন ঘৰ সম্পূৰ্নৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডত৷ দালুন মিলিয়ে জানিবলৈ দিয়ে যে দুদিন পূৰ্বে গৰু বিক্ৰী কৰি পোৱা নগদ ৯০ হেজাৰ টকা আৰু খেতিৰ কচু বিক্ৰী কৰি লাভ কৰা নগদ ধন ৬০ হেজাৰ টকা এই অগ্নিকাণ্ডত জ্বলি ছাই হৈ যায়৷ অগ্নিকাণ্ডত দালুন মিলিৰ নগদ ধনসহ সোণৰ আ-অলংকাৰ, ট্ৰেক্টৰ আৰু সকলো নথিপত্ৰ জুইত জাহ যায়।

অগ্নিকাণ্ডত সংঘটিত হোৱাৰ সময়ত দালুন মিলিসহ পৰিয়ালৰ সকলো লোক ঘৰত উপস্থিত নাছিল। সন্দিয়াৰ ভাগত হঠাৎ দালুন মিলিৰ ঘৰ জ্বলি উঠে আৰু জুইৰ লেলিহান শিখাই সমগ্ৰ ঘৰটো আৱৰি ধৰে। স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰিবলৈ দীৰ্ঘ সময় প্ৰচেষ্টা চলায় যদিও জুই নিৰ্বাপন কৰিবলৈ সক্ষম নহয়। অৱশ্যে স্থানীয় ৰাইজৰ প্ৰচেষ্টাত কথমপি ৰক্ষা পৰে ওচৰ চুবুৰীয়া কেইবাটাও ঘৰ৷ অগ্নিকাণ্ডত নিজৰ আপোন ঘৰ হেৰুৱাই শোকত ভাগি পৰিছে দালুন মিলিৰ লগতে পৰীয়ালবৰ্গ।

কৃষি কৰ্ম কৰি পৰিয়াল পোহপাল‌ দিয়া দালুন মিলিৰ পৰিয়ালটোক আৰ্থিকভাৱে সাহাৰ্য্য প্ৰদনা কৰি পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় বিধায়কক কাতৰ অনুৰোধ জনাইছে স্থানীয় ৰাইজৰ লগতে পৰিয়ালটোৱে। অগ্নিকাণ্ডত সকলো হেৰুৱাই এতিয়া মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য হৈছে দালুন মিলিৰ পৰিয়ালটো।