জোনমণি বেগম
বিশ্বনাথ : দিন দুপৰতে চোৰৰ চাফাই অভিযান। বিশ্বনাথৰ পেটেলিবাৰীত দিন দুপৰতে দুটাকৈ ঘৰত চলিল চোৰৰ চাফাই অভিযান। ঘৰৰ তলা ভাঙি চোৰে লৈ গ’ল নগদ আঢ়ৈ লাখ টকা। ঘৰত মানুহ নথকাৰ সুযোগ ব্যৱহাৰ কৰি চোৰে চলালে এই চাফাই অভিযান।

দিনৰ পোহৰতে বিশ্বনাথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। ঘৰত মানুহ নথকা সুযোগ লৈ ঘৰৰ তলা ভাঙি চোৰে লুটি নিলে নগদ আঢ়ৈ লাখ টকা।বিশ্বনাথৰ পেটেলিবাৰি গাঁৱৰ তপন বৰা নামৰ লোকজনৰ ঘৰত কোনো নথকা সময়ত চোৰে ঘৰৰ তলা ভাঙি লৈ গ’ল নগদ আঢ়ৈ লাখ টকা। ঘৰখনত থকা সোণৰ অলংকাৰত হাত নিদিলে চোৰে।

চোৰে সোণৰ অলংকাৰ সমূহ এৰি কেৱল নগদ আঢ়ৈ লাখ টকা লুটি নিয়ে। চোৰে সোণৰ অলংকাৰ সমূহ এৰি কেৱল নগদ ধন লুটি নিয়া ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে ঘৰখনৰ ভিতৰত থকা সামগ্ৰী সমূহ লণ্ডভণ্ড কৰাৰ লগতে ফ্ৰীজৰ পৰা আপেল উলিয়াই খাই যায় চোৰে।

তপন বৰাৰ আত্মীয়ই ঘৰৰ তলা ভঙা দেখি গৃহস্থক খবৰ দিয়ে। তপন বৰাৰ ঘৰৰ লগতে চোৰে তপন বৰাৰ ভাতৃ স্বপন বৰাৰ ঘৰৰো তলা ভাঙি ঘৰখনত প্ৰবেশ কৰে যদিও ৰহস্যজনকভাৱে চুৰিকাণ্ড সংঘটিত নকৰিলে। এই চাঞ্চল্যকৰ চুৰিকাণ্ড সন্দৰ্ভত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।