গুৱাহাটী : সংসদত ‘কা’ আইন গৃহীত হোৱাৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ দিনটোতে অসম জাতীয় পৰিষদে গুৱাহাটী মহানগৰীত বিশাল প্ৰতিবাদী সমদল উলিয়াই ‘কা’ বিৰোধী আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ সূচনা কৰে। দলৰ দহদিনীয়া ‘জাতীয় সংকল্প অভিযান’ৰ দ্বিতীয় দিনা সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত কেইবাসহস্ৰ লোকে জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ৰ পৰা দিছপুৰ অভিমুখে শোভাযাত্ৰা কৰি গৈ জু-ৰোডৰ এ আই ডি চি পইন্টত ‘কা’ আইনৰ প্ৰতিলিপি দাহ কৰে। ‘কা’ বিৰোধী শ্ল’গানেৰে চৌপাশ উত্তাল কৰি আগবাঢ়ি যোৱা প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আৰক্ষীয়ে কেইবাবাৰো চেষ্টা চলায় যদিও প্ৰতিবাদকাৰীসকলে বাধা অতিক্ৰম কৰি ‘কা’ আমি নামানো’, ‘কা, আইন বাতিল কৰক’ আদি শ্ল’গান দিয়ে।

প্ৰতিবাদকাৰীসকলে জাতীয় পৰিষদৰ কাৰ্যালয় চৌহদত ক’লা পতাকা উত্তোলন কৰাৰ লগতে ৰাজপথত সমদল কৰোতে হাতে হাতে ক’লা পতাকা লৈ প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনটোতে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ পাৰিত হৈছিল। তাৰ পিছদিনাৰে পৰা অসমত ‘কা’ বেৰোধী আন্দোলন আৰম্ভ হৈছিল যদিও ক’ভিড মহামাৰী আৰু দেশজোৰা লকডাউনৰ বাবে আন্দোলন স্তব্ধ হৈ পৰিছিল। জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে ‘কা’ আইন জাপি দি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। এই ষড়যন্ত্ৰ কোনো পধ্যেই মানি লব নোৱাৰি। ‘কা’ আইনৰ পক্ষত থকাসকল অসমীয়া জাতিৰ অস্তিত্ব সুৰক্ষাৰ পক্ষ্যত নাই বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয়, “বিজেপিয়ে কয় যে অসমবাসী ৰাইজে বিজেপিৰ পক্ষত ভোট দি ‘কা’ৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। মিছা কথা। বিজেপিয়ে নিৰ্বাচন জিকিছে প্ৰলোভন, প্ৰতিশ্ৰুতি আৰু সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি কৰি। ‘কা’ৰ প্ৰতি অসমীয়া ৰাইজৰ সমৰ্থন থকা হ’লে ইমান দিনে কেন্দ্ৰীয় চৰকাৰে ‘কা’ আইনৰ বিধি প্ৰৱৰ্তনৰ কাম সম্পূৰ্ণ কৰিলেহেতেন। বিধি প্ৰণয়ন নকৰাৰ কাৰণ হৈছে প্ৰতিবাদৰ ভয়। সেই গতিকে আমি প্ৰতিবাদ অব্যাহত ৰাখিব লাগিব।”

কেন্দ্ৰই ‘কা’ বাতিল নকৰালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলিও কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে জাতীয় পৰিষদৰ দহদিনীয়া জাতীয় সংকল্প অভিযানৰ তৃতীয় দিনা অৰ্থাৎ ১২ ডিচেম্বৰত ‘কা’ আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কৰ জন্মস্থান ওদালগুৰিত দলে ‘আত্মবলিদান দিৱস’ পালন কৰিব।এনেদৰে দৈনিক এটাকৈ কাৰ্যসূচীৰে ১৭ ডিচেম্বৰত মাজুলীত দলৰ প্ৰতিষ্ঠা দিৱস উৎযাপন কৰিব দলে  ১৯ ডিচেম্বৰত চৈয়দ আব্দুল মালিকৰ জন্মস্থান নাহৰণিত গল্পসম্ৰাটগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই সংকল্প অভিযানৰ সামৰণি পৰিব।