গুৱাহাটী : পূৰবী ডেইৰী (Purabi Dairy) হিচাপে খ্যাত ৱেষ্ট আসাম্ মিল্ক প্ৰডিউচাৰ্ছ কোপাৰেটিভ ইউনিয়ন লিমিটেডে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দুগ্ধ ক্ৰয়ৰ হাৰ প্ৰতি কিলোগ্ৰামত ২ টকা বৃদ্ধি কৰাত ৰাজ্যখনৰ হাজাৰ হাজাৰ দুগ্ধ পালক আনন্দিত হৈ পৰিছে। ১১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱা দুগ্ধৰ ক্ৰয় মূল্য বৃদ্ধিৰ ফলত এতিয়া ৪% ফেট আৰু ৮.৫% এছএনএফ যুক্ত প্ৰতি কেজি গাখীৰত ৩৯ টকা লাভৰ জৰিয়তে ৰাজ্যৰ দুগ্ধ পালকসকলে পোনপটীয়াকৈ লাভৱান হ’ব।  

“পূৰবী ডেইৰীয়ে ইয়াৰ উৎপাদক সদস্যসকলক প্ৰদান কৰা দুগ্ধৰ ক্ৰয়মূল্য বৃদ্ধি কৰিছে। প্ৰত্যেকেই ১১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৪.০% ফেট আৰু ৮.৫% এছএনএফ যুক্ত গাখীৰৰ বাবে প্ৰতি কিলোগ্ৰাম গাখীৰৰ প্ৰাথমিক মূল্য ৩৯ টকা লাভ কৰিব।” ৱেষ্ট আসাম্ মিল্ক প্ৰডিউচাৰ্ছ কোপাৰেটিভ ইউনিয়ন লিমিটেডৰ তৰফৰ পৰা এক বিবৃতিত কোৱা হয়। এই সংশোধনৰ জৰিয়তে ৱামুলৰ সকলো কাৰ্যকৰী এলেকাত দুগ্ধ ক্ৰয়ৰ মূল্য সমান হ’ব। এই দুগ্ধ সমবায়খনৰ দ্বাৰা ২০২২ চনৰ ১১ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ২০ জানুৱাৰীলৈকে দুগ্ধ উৎপাদকসকলৰ বাবে অধিক মূল্য বৃদ্ধিকৰণৰ হকে এক কাৰ্যসূচীও ঘোষণা কৰা হৈছে।

এই সময়ছোৱাত, মাঘ বিহুৰ বতৰত প্ৰাথমিক মূল্য প্ৰতি কেজিত ৪০ টকা হ’ব যাৰ ফলত দুগ্ধ পালকসকলে এক বৃহৎ আয়ৰ উৎস লাভ কৰিব। ইয়াৰ উপৰিও, চূড়ান্ত ক্ৰয় মূল্য প্ৰত্যক্ষভাৱে গাখীৰৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰশীল হ’ব আৰু যদি কোনো পালকে উচ্চমানৰ গাখীৰ যোগান ধৰিবলৈ সক্ষম হয় তেন্তে ক্ৰয় মূল্য প্ৰতি কিলোগ্ৰামত ৪৫ টকাৰ ওপৰলৈও যাব পাৰে বুলি ৱেষ্ট আসাম্ মিল্ক প্ৰডিউচাৰ্ছ কোপাৰেটিভ ইউনিয়ন লিমিটেডৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। “আমি আমাৰ উৎপাদকসকলক অতিৰিক্ত লাভ প্ৰদান কৰি সুখী হৈছো যিসকলে এতিয়া ৪% ফেট আৰু ৮.৫% এছএনএফ যুক্ত গাখীৰৰ বাবে নিশ্চিতভাৱে অতিৰিক্ত ২ টকাকৈ লাভ কৰিব। উন্নতমানৰ দুগ্ধ উৎপাদকসকলক অধিক উৎসাহিত কৰিবলৈ প্ৰতি কিলোগ্ৰাম গাখীৰত ক্ৰয় মূল্য ৪৫ টকালৈ বৃদ্ধি কৰা হ’ব পাৰে।’- ৱেষ্ট আসাম্ মিল্ক প্ৰডিউচাৰ্ছ কোপাৰেটিভ ইউনিয়ন লিমিটেড গ্ৰুপৰ মুৰব্বীয়ে এইদৰে কয়।

বৰ্ধিত হাৰে বৰ্ধিত ইনপুট ব্যয় আৰু সাধাৰণ মুদ্ৰাস্ফীতিৰ ৰক্ষা কৰিব বুলিও বিষয়াজনে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা অনুসৰি পূৰবী ডেইৰীয়ে ৰাজ্যখনৰ দুগ্ধ উৎপাদকসকলক সমবায় দুগ্ধ উৎপাদনৰ জৰিয়তে ‘আত্মনিৰ্ভৰ’ হ’বলৈ সক্ষম কৰি আহিছে। পূৰবী গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ উপভোক্তাসকলক ধন্যবাদ যাৰ কৃপাত সমবায়খনে বিভিন্ন পদক্ষেপৰ জৰিয়তে অসমৰ দুগ্ধ উৎপাদকসকলৰ ২৫,০০০ শক্তিশালী তথা বৰ্ধিত নেটৱৰ্কৰ প্ৰতি সমৰ্থন অব্যাহত ৰাখিবলৈ সক্ষম হৈছে বুলিও বিষয়াজনে প্ৰকাশ কৰে।