গুৱাহাটী : গুৱাহাটীৰ সোণাপুৰত চলি থকা ৰাষ্ট্ৰীয় ছিনিয়ৰ, জুনিয়ৰ আৰু ছাব জুনিয়ৰ ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত (Cycling) মণিপুৰৰ খেলুৱৈয়ে গঢ়িলে অভিলেখ। মঙলবাৰে মণিপুৰৰ এল ৰোণাল্ডো সিঙে ১ কিলোমিটাৰ টাইম ট্ৰাইলত নতুন অভিলেখ গঢ়িলে।

চাইক্লিং এছ’চিয়েশ্বন অৱ ইণ্ডিয়াৰ উদ্যোগত, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুবকল্যাণ বিভাগৰ সহযোগত তথা চাইক্লিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ তত্ত্বাবধানত ৭৪ সংখ্যক ছিনিয়ৰ, ৫১ সংখ্যক জুনিয়ৰ আৰু ৩৭ সংখ্যক ছাব জুনিয়ৰ ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ গুৱাহাটীৰ সোণাপুৰত পূৰ্ণগতিত চলি আছে। সোণাপুৰস্থিত লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষা প্রতিষ্ঠানত চলি থকা প্ৰতিযোগতিখনত মণিপুৰৰ এল ৰোণাল্ডো সিঙে ১ কিলোমিটাৰ টাইম ট্ৰাইলত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।

এল ৰোণাল্ডো সিঙে ০১:০৪.৮৯৭ সময়ত নিদিষ্ট দূৰত্ব অতিক্ৰম কৰি এই অভিলেখ গঢ়ে। বিগত বৰ্ষত জয়পুৰত অনুষ্ঠিত ৭৩ সংখ্যক ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত এল ৰোণাল্ডোৱে গঢ়া নিজৰে ৰেকৰ্ড ভংগ কৰি এই কৃতিত্ব অৰ্জন কৰে। পূৰ্বতে এল ৰোণাল্ডোৱে ০৪:০৫.৭৯৪ সময়েৰে এই মাইলৰ খুঁটি স্থাপন কৰিছিল। আনহাতে, ছাব জুনিয়ৰ ল’ৰাৰ টীম স্প্ৰীন্ট ইভেন্টত মণিপুৰৰ এম ৱাটাবা মেইটেই, কে লানচেনবা সিঙ আৰু ৱাহেংবাম বিদ্যানন্দই নতুন অভিলেখ গঢ়ে।

এম ৱাটাবা মেইটেই, কে লানচেনবা সিঙ আৰু ৱাহেংবাম বিদ্যানন্দৰ দলটোৱে ১:০৮.১৮৪ ছেকেণ্ডত এই অভিলেখ গঢ়ে। ২০১৬ কেৰালাত মণিপুৰৰে চাইক্লিষ্টে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। ৭৪ সংখ্যক ছিনিয়ৰ, ৫১ সংখ্যক জুনিয়ৰ আৰু ৩৭ সংখ্যক ছাব জুনিয়ৰ ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত এতিয়ালৈ ১২ টাকৈ ৰাষ্ট্ৰীয় অভিলেষ স্থাপন হৈছে।