গুৱাহাটী, ১৪ অক্টোবৰ, ২০২৩ : যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, বিদ্যমান সময়, ষ্টপেজ আৰু গঠন অনুসৰি কেইখনমান বিশেষ ৰে’লৰ সময়সীমা (Railway Timing) বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে’ল বিভাগে। এই সম্প্ৰসাৰিত ৰে’ল সেৱাই সংশ্লিষ্ট পথসমূহৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলৰ চাহিদা পূৰণ কৰাত সহায় কৰিব বুলি ৰে’ল বিভাগে আশা প্ৰকাশ কৰিছে। সেই অনুসৰি, ৰে’ল নং ০৮০৪৭ (সাঁতৰাগাছি-গুৱাহাটী) বিশেষ ৰে’লখন ১৩ ৰ পৰা ২৭ অক্টোবৰ, ২০২৩ লৈ প্ৰত্যেক শুকুৰবাৰে ১৮.০০ বজাত সাঁতৰাগাছিৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ১৫.০০ বজাত গুৱাহাটী আহি উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৮০৪৮ (গুৱাহাটী-সাঁতৰাগাছি) বিশেষ ৰে’লখন ১৪ ৰ পৰা ২৮ অক্টোবৰ, ২০২৩ লৈ প্ৰত্যেক শনিবাৰে ১৬.৪৫ বজাত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ১২.৩০ বজাত সাঁতৰাগাছিত গৈ উপস্থিত হ’ব। উভয় দিশৰ যাত্ৰা পথত বিশেষ ৰে’লখন গোৱালপাৰা টাউন, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, কিষাণগঞ্জ, মালদা টাউন, ৰামপুৰ হাট আৰু ডানকুনি হৈ চলাচল কৰিব। ৰে’ল নং ০৭০৪৬ (ছেকেন্দ্ৰাবাদ-ডিব্ৰুগড়) বিশেষ ৰে’লখন ১৬ অক্টোবৰৰ পৰা ২৭ নৱেম্বৰ, ২০২৩ লৈ প্ৰত্যেক সোমবাৰে ১১.০০ বজাত ছেকেন্দ্ৰাবাদৰ পৰা যাত্ৰা আৰম্ভ কৰি বুধবাৰে ২০.৫০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৭০৪৭ (ডিব্ৰুগড়-ছেকেন্দ্ৰাবাদ) বিশেষ ৰে’লখন ১৯ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰ, ২০২৩ লৈ প্ৰত্যেক বৃহস্পতিবাৰে ০৯.১০ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি শনিবাৰে ১৬.৩০ বজাত ছেকেন্দ্ৰাবাদত গৈ উপস্থিত হ’ব।

উভয় দিশৰ যাত্ৰা পথত বিশেষ ৰে’লখন নাহৰকটীয়া, ডিমাপুৰ, লামডিং জংচন, গোৱালপাৰা টাউন, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, কিষাণগঞ্জ, ডানকুনি, কটক, পালাচা আৰু গুন্টুৰ জংচন হৈ চলাচল কৰিব।
ৰে’ল নং ০৯৫২৫ (ওখা-নাহৰলগুন) বিশেষ ৰে’লখন ১৭ অক্টোবৰৰ পৰা ২৮ নৱেম্বৰ, ২০২৩ লৈ প্ৰত্যেক মঙলবাৰে ২২.০০ বজাত ওখাৰ পৰা যাত্ৰা আম্ভ কৰি শুকুৰবাৰে ১৬.০০ বজাত নাহৰলগুনত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৯৫২৬ (নাহৰলগুন-ওখা) বিশেষ ৰে’লখন ২১ অক্টোবৰৰ পৰা ০২ ডিচেম্বৰ, ২০২৩ লৈ প্ৰত্যেক শনিবাৰে ১০.০০ বজাত নাহৰলগুনৰ পৰা যাত্ৰা আৰম্ভ কৰি মঙলবাৰে ০৩.৩৫ বজাত ওখাত গৈ উপস্থিত হ’ব।

উভয় দিশৰ যাত্ৰা পথত বিশেষ ৰেলখন ৰঙাপাৰা নৰ্থ, ওদালগুৰি, বৰপেটা ৰোড, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, কিষাণগঞ্জ, বাৰাউনী জংচন, বাৰাণসী জংচন, গোৱালিয়ৰ, উজ্জয়িনী জংচন আহমেদাবাদ আৰু জামনগৰ হৈ চলাচল কৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনোৱা হয় ৰে’ল বিভাগৰ ফালৰ পৰা।