বৰপেটা, ১৩ অক্টোবৰ, ২০২৩ : এক নৃশংস হত্যাকাণ্ড। পত্নী আৰু কন্যাক কোঠাৰেৰে ঘপিয়াই হত্যা কৰিলে ঋষভ দাসে। এই নৃশংস হত্যাকাণ্ডই (Sensational Murder) তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। এই নৃশংস হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী ঋষভ দাসক। ইয়াৰ পূৰ্বেও নিজ ভগ্নীক দাৰে আক্ৰমণ কৰি আহত কৰিছিল ঋষভ দাসে।

শুকুৰবাৰে সন্ধিয়াৰ ভাগত এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে বৰপেটাত। ঋষভ দাস নামৰ এজন লোকে অতি নৃশংসভাৱে পত্নী আৰু কন্যাক কোঠাৰেৰে ঘপিয়াই হত্যা কৰে। শোৱাপাটীতেই পত্নী আৰু কন্যাক কোঠাৰেৰে ঘপিয়াই হত্যা কৰে ঋষভ দাসে। পাৰিবাৰিক সংঘাতৰ বাবেই ঋষভ দাসে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

বৰপেটাৰ গান্ধী নগৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। জানিব পৰা মতে শুকুৰবাৰে সন্ধিয়াৰ ভাগত ঋষভ দাস নামৰ লোকজনে শোৱাপাটীতেই পত্নী বিনীতা দাস আৰু কন্যা হিয়া দাসক কোঠাৰেৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে। হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ পিছতে কেইবাশ লোকে ভিৰ কৰে হত্যাকাণ্ড সংঘটিত হোৱা ঋষভ দাসৰ ঘৰৰ সন্মুখত।

ইফালে হত্যাকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিনীতা দাস আৰু হিয়া দাসৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয় প্ৰেৰণ কৰে। হিয়া দাস বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰী। আৰক্ষীয়ে হত্যাকাৰী ঋষভ দাসক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ঘটনাস্থলীত বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাও উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।

হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক সংঘাতৰ বাবেই ঋষভ দাসে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। প্ৰায়ে ঋষভ দাসৰ পৰিয়ালৰ মাজত কাজিয়া সূত্ৰপাত হয় বুলিও জানিব পৰা গৈছে। ইয়াৰ পূৰ্বেও ঋষভ দাসে নিজ ভগ্নীক দাৰে আক্ৰমণ কৰি আহত কৰিছিল। এই নৃশংস হত্যাকাণ্ডৰ ঘটনাই গান্ধী নগৰৰ লগতে সমগ্ৰ বৰপেটাত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।