গুৱাহাটী, সংবাদ ৩৬৫, ১১ নৱেম্বৰ : অ’লা, উবেৰ, ৰেপিড’ আদি বাইক আৰু টেক্সি সেৱাৰ পিছতে জনসাধাৰণৰ সহায়ৰ বাবে ওলাই আহিছে ৰাজদূত । ৰাজদূতত বাইক আৰু টেক্সি দুয়োবিধেই উপলব্ধ হ’ব।

অ’লা,উবেৰ, ৰেপিড’ আদি সেৱাসমূহতকৈ ১০ % ভাড়া কম হ’ব ৰাজদূতত । ৰাজদূতত থাকিব মুঠ ১০,০০০ বাইক আৰু টেক্সি। ইয়াৰে ৩০০ ৰাইডাৰ থাকিব মহিলা। যুৱতী আৰু মহিলাসকলৰ সুবিধা অনুযায়ী মহিলা ৰাইডাৰৰ ব্যৱস্থা কৰা হৈছে।

দিনটোৰ ২৪ ঘন্টাই সেৱাৰ বাবে সাজু ৰাজদূতত মহিলা ৰাইডাৰ ৰাতি ৮ বজালৈকেহে উপলব্ধ হ’ব।

ইফালে দুৰ্ঘটনাগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবেও এই ৰাজদূত উপলব্ধ হ’ব।

ইয়াৰোপৰি ৰাজদূতত ২ বাৰ যাত্ৰা কৰাৰ পাছত এটা যাত্ৰা বিনামূলীয়াকৈয়ে কৰিব পাৰিব। ১০ বাৰ যাত্ৰা কৰাৰ পাছত থাকিব এটা চাৰপ্ৰাইজ গিফ্ট।

প্ৰথম অৱস্থাত গুৱাহাটীত আৰম্ভ কৰিব লোৱা এই সেৱা যোৰহাট, শিলচৰ আদি অসমৰ অন্য জিলাতো উপলব্ধ হ’ব।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি ৰাজদূত কেবৰ বিষয়ে জানিবলৈ দিয়ে ৰাজদূত কেবৰ চি ই অ’ ৰাস্না চৌধুৰীয়ে। এই সংবাদমেল খনত উপস্থিত থাকে সঞ্চালক আব্দুল মাটিন,অপাৰেশ্যনেল হেড সাহাৰীৰ চৰকাৰ, এডভাইজৰ চাজিদুৰ ৰহমান ।

উল্লেখযোগ্য যে অহা ১৬ নৱেম্বৰত এই সেৱা মুকলি কৰা হ’ব। গুগলৰ প্লে স্তৰত ইনষ্টল কৰি এই সেৱা সকলোৱে গ্ৰহণ কৰিব পাৰিব।