নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ নৱেম্বৰ : কেইমাহ মানৰ পূৰ্বে উৰিষ্যাৰ চান্দৱলী অঞ্চলৰ ধামৰা সমুদ্ৰতীৰত কেইজনমান মাছমৰীয়াৰ জালত ১০৭ কেজি ওজনৰ এটা মাছ উঠে।

প্ৰতি কেজিত ৭০০০ টকাকৈ এই মাছটো ক্ৰয় কৰে চেন্নাইৰ এটা দৰৱ কোম্পানীয়ে। এই মাছটো বিক্ৰী কৰি মাছমৰীয়া কেইজনে লাভ কৰে মুঠ ৭ লাখ ৪৯ লাখ টকা।

এই মাছটোৰ পিছতে জাপানত এটা ৩২ লাখ ৬৬ হাজাৰ টকাত এটা কেঁকোৰা বিক্ৰী হয়। এই কেঁকোৰাটোৰ ওজন প্ৰায় ১.২ কিঃগ্ৰাঃ আৰু আকাৰ ১৪.৬ ছেন্টিমিটাৰ।

বিগত বছৰত ১৩ লাখ টকাত এনে কেকোঁৰা নিলাম হৈছিল যদিও বৰ্তমান এইবিধ কেঁকোৰাই অভিলেখ ভংগ কৰিছে। প্ৰায় ১৩ লাখ টকাত।

উল্লেখ কৰিব পাৰি যে বিভিন্ন ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানেই এনে ঔষধি গুণসম্পন্ন প্ৰাণীবোৰ ক্ৰয় কৰে।