নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ নৱেম্বৰ : সোমবাৰে পুৱা মৰিয়নীৰ খৰিকটীয়াত দুটা মৃতদেহ উদ্ধাৰ হয়। ধোদৰ আলিৰ চৈকতা সংযোগী পথৰ ওপৰত থকা খৰিকটীয়া দলঙৰ তলৰ পানী যুঁৱলিত এখন মটৰ চাইকেলসহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে দুটা যুৱকৰ মৃতদেহ।

এই ঘটনাৰ সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে মৰিয়নী আৰক্ষীক খৱৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে আৰু এইয়া এক পথ দুৰ্ঘটনা বুলি উল্লেখ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি নিশা দুয়োজন যুৱক মটৰ চাইকেলেৰে আহি আছিল আৰু আহি থকা অৱস্থাত দলংত উঠাৰ পূৰ্বেই নিয়ন্ত্ৰন হেৰুৱাই পানীৰ যুঁৱলীত পৰি মৃত্যুক আকোৱালি লয়।

নিহত হোৱা যুৱক দুজন ক্ৰমে মৰিয়নীৰ খেৰমিয়াৰ টিলেচৰ মাংকি, ঘূতকা ওৰাং বুলি চিনাক্ত কৰিছে ।

সম্প্ৰতি আৰক্ষীয়ে যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।