নিউজ ডেস্ক : দিল্লীৰ পৰা কলকাতা পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আক্ৰমণ মমতাৰ তৃণমূল কংগ্ৰেছৰ (Trinamool Congress)। সংসদত প্ৰতিবাদ সাংসদ সকলৰ। পশ্চিম বংগত প্ৰতিবাদত বহিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ‘গণতন্ত্ৰ বচাওক’ আৰু কেন্দ্ৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে দিল্লীৰ পৰা কলকাতালৈকে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আক্ৰাত্মক হৈ আছে তৃণমূল কংগ্ৰেছ।

বুধবাৰে পুৱা ১০ বজাত সংসদত তৃণমূল কংগ্ৰেছৰ সাংসদসকলে আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে কলকাতাত দুদিনীয়া ধৰ্ণা কাৰ্যসূচীত বহিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।
তথ্য অনুসৰি বুধবাৰে দিল্লীত তৃণমূল কংগ্ৰেছৰ সাংসদসকলে ‘গণতন্ত্ৰ আৰু সংসদ বচাওক’ বিষয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে কলকাতাৰ আম্বেদকাৰ প্ৰতিমূৰ্তিৰ সমীপত মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ বাবে ধন প্ৰদান নকৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ধৰ্ণাত বহি প্ৰতিবাদ সাব্যস্ত কৰিব।

উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাজিৰকলৈ কংগ্ৰেছৰ প্ৰতিবাদকো সমৰ্থন জনাইছে তৃণমূল কংগ্ৰেছে। ২৭ মাৰ্চত সংসদ ভৱনত কংগ্ৰেছৰ বৈঠকত অংশগ্ৰহণ কৰিছিল তৃণমূল কংগ্ৰেছৰ সাংসদসকলে। ৰাহুল গান্ধীৰ ঘটনাকলৈ বিজেপিক তীব্র সমালোচনা কৰি আহিছে তৃণমূল কংগ্ৰেছে। দলৰ মুৰব্বী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাহুল গান্ধীক সমৰ্থন জনাই বিজেপিক তীব্ৰ সমালোচনা কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ভাৰতত বিৰোধী নেতা সকল বিজেপিৰ লক্ষ্যত আছে বুলি মন্তব্য কৰিছিল বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। মতামত বেনাৰ্জীয়ে কয় যে অপৰাধমূলক ঘটানৰ লগত জড়িত থকা বিজেপি নেতাসকলক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে, আনহাতে বিৰোধী নেতাসকলক তেওঁলোকৰ ভাষণৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে।

ইফালে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে তৃণমূল কংগ্ৰেছৰ এই বৈঠকত অংশগ্ৰহণৰ পদক্ষেপক আদৰণি জনাই কয় যে যিয়ে গণতন্ত্ৰ ৰক্ষাৰ বাবে আগবাঢ়ি আহে তেওঁক আদৰণি জনোৱা হৈছে। উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হোৱা এক অপৰাধমূলক মানহানিৰ গোচৰৰ শুনানিত আদালতে কংগ্ৰেছ নেতা গৰাকীক দোষী সাব্যস্ত কৰিছিল।

আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ লগতে দুবছৰৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰিছিল। আদালতৰ ৰায়দানৰ পিছতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হৈছিল। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পিছতে দেশজুৰি কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে। ৰাহুল গান্ধীৰ সমৰ্থনত আহি সকলো বৰোধী দলে ইয়াক গণতন্ত্ৰৰ হত্যা বুলি আখ্যা দিছে।