নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ : ৰেল ষ্টেচনত গান গোৱাৰ পৰা পৰিচালক হিমেশ ৰেচমিয়াৰ এলবামত কণ্ঠদান দিয়ালৈকে ৰাণু মণ্ডলৰ এক জীৱন যাত্ৰা । কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰৰ ” এক প্যাৰ কা নগমা হে ” গীতটি গাই থাকোতে ইঞ্জিনীয়াৰিংৰ ছাত্ৰ অতীন্দ্ৰ চক্ৰবৰ্তীয়ে তেখেতৰ মোবাইল কেমেৰাৰে ভিডিও কৰি শ্বেয়াৰ কৰিছিল চ’চিয়েল মিডিয়াত । তাৰপাছতে সলনি হৈছিল ৰাণু মণ্ডলৰ জীৱন যাত্ৰা ।

ৰাণু মণ্ডলক সাক্ষাৎ কৰি বলিউডৰ গায়ক তথা সংগীত পৰিচালক হিমেশ ৰেচমিয়াই তেখেতৰ ছবি ” হেপ্পী হাৰ্ডী এণ্ড হীৰ “ত গান গাবৰ বাবে প্ৰস্তাৱ আগবঢ়াই আৰু তাৰপাছতেই ” তেৰী মেৰী মেৰী তেৰী ” শীৰ্ষক গীতটি গায় বিশেষ জনপ্ৰিয়তা অৰ্জন কৰে ৰাণু মণ্ডলে । দৰ্শকৰ বিপুল সঁহাৰি এই গীতটিত।

ইয়াৰ পাছতেই এইবাৰ অনবৰতে বিতৰ্কৰ মাজত থকা বলিউডৰ অভিনেত্ৰী ৰাখী সাৱন্তেও এটি গীতত কণ্ঠদান দিবলৈ অফাৰ দিছে ৰাণু মণ্ডলক ।

কিছুদিনৰ আগতে ৰিলিজ হোৱা ৰাখী সাৱন্তৰ এটি ভিডিঅ’‘ছাপ্পন ছুৰী’ ৰ গানৰ ৰিমিক্স ভাৰ্ছনত অভিনেত্ৰীগৰাকীয়ে বিচাৰিছে যে ৰাণু মণ্ডলে কণ্ঠ দিয়ক।

ছচিয়েল মিডিয়াৰ জৰিয়তে ৰাখী সাৱন্তে কয় “ৰাণু মণ্ডলৰ দৰে প্ৰতিভা আমাৰ ইণ্ডাষ্টীৰ সৈতে জড়িত হোৱাতো অতিকেই ভাল খবৰ। এনে প্ৰতিভাক প্ৰথম সুযোগ প্ৰদান কৰাৰ বাবে মই ধন্যবাদ জনাইছো হিমেশ ৰেছমিয়াক।”