গুৱাহাটী, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ : সোমবাৰে কামাখ্যা মন্দিৰ দৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পুৱা প্ৰায় ১০ বজাত কামাখ্যা মন্দিৰত উপস্থিত হৈ মা কামাখ্যাৰ আৰ্শীবাদ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

ইফালে মন্ত্ৰীগৰাকীৰ লগত এই দৰ্শনত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। অমিত শ্বাহৰ আগমনকলৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় মন্দিৰ চৌহদত।

মা কামাখ্যাৰ আশীষ মন্ত্ৰীগৰাকী পোনে পোনে কলাক্ষেত্ৰত অনুষ্ঠিত নেডাৰ বৈঠকলৈ ৰাওনা হয় ।

ইয়াৰোপৰি সোমবাৰৰ পুৱাই ৰাজভৱনতো উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী । ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে আৰু ৰাজভৱনতে সম্বৰ্ধনা জ্ঞাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনক।