কলগাছিয়া, নৱেম্বৰ ৬: বৰপেটা জিলাৰ সৰভোগৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ অতিকৈ দৰিদ্ৰ ললিত দাস (৬৫) সম্প্ৰতি কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছে। আজিৰ পৰা কেইদিনমান আগতে ললিত দাসৰ শৰীৰ অসুস্থ হোৱাত বৰপেটাত থকা ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত চিকিৎসাৰ বাবে লৈ যোৱা হয়৷ চিকিৎসালয়খনৰ চিকিৎসকে তেওঁক কেন্সাৰ ৰোগত আক্ৰান্ত বুলি জ্ঞাত কৰাৰ লগতে গুৱাহাটীত থকা বি বৰুৱা কেন্সাৰ হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে যাবলৈ কয়। কিন্তু বি বৰুৱা হাস্পতালত চিকিৎসা কৰাৰ বাবে যাবলৈ, থাকিবলৈ সমৰ্থ নাই পৰিয়ালৰ। পৰিয়ালটো নিজৰ ঘৰ ভেঁটিটোৰ বাদে তেওঁলোকৰ একোৱে নাই। বৰ্তমান তেওঁৰ শৰীৰটো ক্ৰমান্বয়ে অৱনতি হ’ব ধৰিছে৷ বৰ্তমান পৰিয়ালটো শাৰীৰিক আৰু মানসিকভাৱে ভাঙি পৰিছে। কেন্সাৰ ৰোগী এজনে খাবলগীয়া খাদ্য খিনিও তেওঁলোকে ক্ৰয় কৰিব নোৱাৰে,উন্নত চিকিৎসা পিছৰে কথা,তেওঁক গাঁৱৰ মানুহে বহু সময়ত টকা সংগ্ৰহ কৰি চিকিৎসা কৰিবলৈ পঠোৱা বুলি জানিব পৰা গৈছে। দুৰ্ভগীয়া ললিত দাসৰ পৰিয়াল বুলিলে তেওঁৰ পত্নী অহেল্যা দাস আৰু দুগৰাকী কন্যা সন্তান আছে, অৱেশ্য কন্যা সন্তান দুয়োগৰাকীৰে বিয়া হৈছে। দিন হাজিৰা কৰি পৰিয়ালৰ পোহপাল দিয়া ললিত দাসে এতিয়া এটুপি গাখীৰ খাবলৈ নোপোৱা হৈছে। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদ দাতাক কান্দি কান্দি ললিত দাস আৰু তেওঁৰ পত্নী অহেল্যা দাসে কয় যে, আপোনালোকে কিবা কৰি হ’লেও আমাৰ এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰক আৰু আপোনালোকৰ সংবাদৰ মাধ্যমৰ জৰিয়তে আমাৰ পৰিয়ালটোক কিছু আৰ্থিক সাহায্য দিবৰ বাবে স্থানীয়  বিধায়ক ৰঞ্জিত কুমাৰ দাস আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ কৰিছো৷