ৰঙিয়া, ৮ অক্টোবৰঃ ৰঙিয়াত বৰলীয়া নৈৰ ওপৰত শতাধিক স্থানীয় লোকে শ্ৰমদান কৰি বাঁহৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰে। প্ৰাপ্ত তথ্য মতে, ৰঙিয়া আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ সীমান্তৱৰ্তী দ্বাৰকুছিৰ লাছিত যাতায়তৰ সুবিধাৰ বাবে বাঁহৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰে। প্ৰায় ২০ বছৰ পূৰ্বে উক্ত স্থানত কাঠৰ দলং আছিল যদিও প্ৰলয়ংকাৰী বানে দলংখন উটুৱাই নিয়ে। শতাধিক লোকে যাতায়ত কৰা দলংখন ভাঙি যোৱাত স্থানীয় লোকে দুৰ্ভোগ ভূগিবলগীয়া হয়। পৰৱর্তী সময়ত স্থানীয় লোকে এখন বাঁহৰ দলং নিৰ্মাণ কৰে যদিও সেইখন দলঙো নদীৰ প্ৰৱল সোঁতে উটুৱাই নিয়ে। উপায়বিহীন হৈ স্থানীয় লোকে নাঁৱেৰে অত্যাধিক ধন খৰছ কৰি বিপদজনকভাৱে যাতায়ত কৰিবলৈ বাধ্য হয়। ইতিপূৰ্বে এনেদৰে যাতায়ত কৰোতে বহু দুৰ্ঘটনা সংঘটিত হৈ কেবাজনো লোক পংগু হোৱাৰ লগতে একাধিক লোক নিহত হৈছে। যাতায়তৰ নামত এনে জ্বলন্ত সমস্যাৰ পৰা সাময়িকভাৱে সকাহ পাবলৈ স্থানীয় লোকে বাঁহৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰে। লগতে গড়কাপ্টানী বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পিছতো বিভাগটোৱে এখন স্থায়ী দলং নিৰ্মাণ কৰি নিদিয়াত ক্ষুব্ধ ৰাইজে বিক্ষোভ প্ৰদৰ্শন কৰে।