ৰঙিয়া, ৮ ডিচেম্বৰঃ তিনিটাকৈ সমষ্টিৰ জনসাধাৰণে চলাচল কৰা এটা পথৰ নাই কোনো বিধায়ক। পৰিৱৰ্তনকামী চৰকাৰখনে কোনো পৰিৱৰ্তন আনিব নোৱাৰিলে এই পথটোৰ। তিনিজনকৈ বিধায়কৰ এজনো নিজৰ বুলি গ্ৰহণ নকৰে এই পথটোক। পথটোৰ অপৰাধ মাত্ৰ এটাই যে তিনিতকৈ সমষ্টিৰ সংযোগী হোৱাৰ বাবে কোনো এটা সমিষ্টিতে নপৰে পথটো। গতিকে তিনিটা সমষ্টিৰ মাজত থাকিও বিধায়কক পৰা বঞ্চিত এই পথ। ৰঙিয়াৰ দেউলকুছি গোৰেশ্বৰ পথটো বিধায়কৰ অভাৱত জহি খহি যাবলৈ ধৰিছে। দৈনিক ৫০ খনতকৈও অধিক গাঁৱৰ ৰাইজৰ বাবে যাতায়ত একমাত্ৰ এই পথটো মেৰামতিৰ বাবে চৰকাৰ তথা চৰকাৰী বিষয়ৰ কোনো গুৰুত্ব নাই। মেৰামতি অভাৱত মৰণফান্দত পৰিণত হৈছে পথটো। এই মাৰণফান্দৰূপী পথেৰে দৈনিক কেইবা হাজাৰ মানুহৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰীসকল বিপদসংকুলভাৱে বিদ্যালয়লৈ অহা যোৱা কৰে। পথটো জহি খহি যোৱাৰ লগতে পথৰ মাজত পুখুৰীসদৃশ গাতৰ সৃষ্টি হৈছে। পথটোৰে গাড়ী চলাটো দূৰৰ কথা সাধাৰণ চাইকেল এখন চলাই যোৱাটো অত্যন্ত কষ্টদায়ক। পথটো মেৰামতি কৰাৰ বাবে ৰাইজে তিনিতকৈ সমষ্টিৰ বিধায়কক কেইবাবাৰো অনুৰোধ কৰাৰ পিছতো কোনো এটা সমষ্টিৰ বিধায়কে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। পথটো ৰঙিয়া, কমালপুৰ আৰু বাক্সা সমষ্টিৰ সংযোগী হোৱাৰ বাবে পথটো কোনটো সমষ্টিৰ বিধায়কে নিৰ্মান কৰিব এইটো এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে তিনিওটা সমষ্টিৰ ৰাইজৰ বাবে। যোৱা কংগ্ৰেছ চৰকাৰৰ পোন্ধৰতা বছৰ বিধায়ক অপেক্ষা কৰা এই পথটোৰ পৰিবৰ্তনকামী চৰকাৰখনৰ পৰা বিধায়ক বাবে আৰু কিমান দিন অপেক্ষা কৰিব লাগিব এইটো এতিয়া তিনিওটা সমষ্টিৰ ৰাইজৰ বাবে ডাঙৰ প্ৰশ্ন।