ৰঙিয়া, ২৪ অক্টোবৰঃ ৰঙিয়াত বন বিভাগে পুৱতি নিশা অভিযান চলাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুকোনাত ৭৫০ চেপ্তী চোৰাং কাঠসহ এজনক আটক কৰে। প্ৰাপ্ত তথ্য মতে, আটকাধীন ব্যক্তিজন ৰাজু নেৱাৰ। মেঘালয়ৰ পৰা নলবাৰীলৈ গৈ থকা অৱস্থাত ৰঙিয়া বন বিভাগে এএছ ০১ চিচি ৪৫৩১ নম্বৰৰ ট্ৰাকসহ বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। জব্দ হোৱা চোৰাং কাঠখিনিৰ আনুমানিক মূল্য প্ৰায় পাঁচ লক্ষাধিক বুলি জানিব পৰা হৈছে। উল্লেখ্য যে, অঞ্চলটোত নিশা  প্ৰায়ে তীব্র গতিৰে চোৰাং কাঠ সৰবৰাহ হৈ আহিছে। ৰঙিয়া বন বিভাগে এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া খণ্ড বন বিষয়া ফটিক বৰ্মণৰ নেতৃত্বত এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ এজনক আটক কৰে।