মিৰ্জা, ২৪ অক্টোবৰঃ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টি আৰু পলাশবাৰী বিধান সভা সমষ্টিৰ সীমান্তৱৰ্তী ৰাণীত উদ্যোগ স্থাপনৰ বিৰুদ্ধে খেতিয়কে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ছয়ানী মৌজাৰ লোচনা লাটৰ তাৰাপতি লোচনা গাঁৱত উদ্যোগ স্থাপনৰ বাবে একাংশ দালালে প্ৰায় ৫০ বিঘা কৃষিভূমিত দখলৰ কাৰণে যথোপৰনাস্তি চেষ্টা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, তাৰাপতি লোচনা গাঁৱৰ বহু খেতিয়কে প্ৰায় ২০০ বছৰ ধৰি কামাখ্যা দেৱালয়ৰ বহু ব্ৰাহ্মন সম্প্ৰদায়ৰ লোকৰ কৃষিভূমিত ৰায়তি হিচাপে খেতি কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছে৷ কিছুদিন পূৰ্বে অঞ্চলটোৰ একাংশ মাটিৰ দালালে কৃষিজীৱি কৃষকক বিভিন্ন প্ৰলোভনেৰে মাটিসমূহ উদ্যোগপতিক উদ্যোগ স্থাপনৰ বাবে দিবলৈ ষড়যন্ত্ৰ কৰিছে। স্থানীয় চৰকাৰী গাওঁবুঢ়া সৰ্বেশ্বৰ দাসেও এই উদ্যোগ স্থাপনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে। স্থানীয় চৰকাৰী গাওঁবুঢ়া সৰ্বেশ্বৰ দাসে অভিযোগ কৰা মতে, অজিত দাস, বাবুল দাস, প্ৰাঞ্জিত দাস, আৰু সৰ্বে দাস নামৰ স্থানীয় কেইজনমান মাটি দালালে অঞ্চলটোত উদ্যোগ স্থাপনৰ ষড়যন্ত্ৰত কৰিছে। দালাল কেইজনে ৰাতি সহজ সৰল খেতিয়কৰ ঘৰত গৈ বিভিন্ন ধৰণে প্ৰলোভনো দিছে। স্থানীয় গাওঁবাসীয়ে এই দালাল চক্ৰ আৰু উদ্যোগপতিক কোনো কাৰণতেই নিজৰ কৃষিভূমি এৰি নিদিয়াৰ হুংকাৰ দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ স্থানীয় খেতিয়কসকলে সমগ্ৰ বিষয়ত পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, আৰক্ষী প্ৰশাসন আৰু স্থানীয় বিধায়কৰ হস্তক্ষেপ দাবী জনাইছে।