ৰঙিয়া, ১৭ আগষ্টঃ ৰঙিয়াৰ তুলসীবাৰী জয়ন্তীপুৰত গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ জয়ন্তীপুৰত গৰাখহনীয়াত ইতিমধ্যে কেবাটাও গৃহ জাহ যোৱাৰ উপক্ৰম হৈছে। ভয়াবহ খহনীয়াত আতংকিত হৈ পৰিছে স্থানীয় লোক। জলসম্পদ বিভাগ তথা চৰকাৰৰ নিৰৱ ভূমিকাত উপায়বিহীন হৈ স্থানীয় লোকে সমূহীয়া দোৱাৰ আয়োজন কৰে৷ গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিৰ নেতৃত্বত অনুষ্ঠিত সমূহীয়া দোৱাত আল্লাহৰ ওচৰত তেওঁলোকক ৰক্ষা কৰিবলৈ দোৱা কৰে।  উল্লেখ্য যে, ৰঙিয়া মহকুমাৰ অন্তৰ্গত বৈদ্যগড় গাওঁ পঞ্চায়ত এলেকাৰ তুলসীবাৰীত বৰলীয়া নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি বহুকেইটা পৰিয়ালৰ ভেঁটি-মাটি উচন কৰিছে। বহু হেক্টৰ কৃষিভূমি আৰু বহু মূল্যবান গছ-গছনি নৈত জাহ গৈছে। যাতায়াত -যোগাযোগকে ধৰি সকলো দিশতে পিছপৰা এই নৈ পৰীয়া অঞ্চলটোত বানৰ পিছত গৰাখহনীয়াই অৰ্ধ-শতাধিক পৰিয়ালৰ জীৱন-জীৱিকালৈ গভীৰ সংকট কঢ়িয়াই আনিছে৷ কিন্তু বৰলীয়া নৈৰ গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰ-প্ৰশাসন তথা জলসম্পদ বিভাগে কোনো পদক্ষেপ গ্ৰহন কৰা নাই। বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাই আহিছে যদিও চৰকাৰচ জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা নোলোৱাত স্থানীয় জনতাই এনেদৰে ভগবানৰ ওচৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷