তিনিচুকীয়া, ২০ মেঃ তিনিচুকীয়াত বিপুল সংখ্যাক পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোট উদ্ধাৰ হোৱা ঘটনাই সৰ্বত্ৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তিনিচুকীয়া আৰক্ষী থানাৰ অন্তৰ্গত মহম্মদ ছুহালী খান নামৰ এজন ব্যক্তিৰ পৰা এই পুৰণি টকাসমূহ উদ্ধাৰ কৰা হয়৷ খানৰ পৰা পুৰণি ৫০০ আৰু ১০০০ টকীয়া সৰ্বমুঠ চাৰি লাখ পঞ্চলিশ হাজাৰ টকা উদ্ধাৰ কৰা হয়৷ প্ৰাপ্ত তথ্য অনুসৰি, ছুহালী খানে ডুমডুমাৰ বাসিন্দা অসীম বৰা (৪৫) নামৰ এজন ব্যক্তিৰ পৰা এই পুৰণি টকা লৈছিল৷ কিন্তু অসীম বৰাৰ ওচৰত এই টকাসমূহ ক’ৰ পৰা আহিল, ছুহালী খানে বৰাৰ পৰা কিয় এই পুৰণি টকাসমূহ লৈছিল নে ক’ৰবাত গোপনে সলনি কৰা হয় পুৰণি অচল ৫০০-১০০০ টকীয়া নোট৷ আৰক্ষীয়ে অধিক তথ্য লাভৰ কাৰণে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লা ধন ৰোধ কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশতে পুৰণি ৫০০-১০০০ টকীয়া নোট বন্ধ কৰি নতুন নোটৰ প্ৰচলন কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ দেশত আৰ্থিক নাটনি সৃষ্টি হোৱাৰ লগতে সাধাৰণ জনতাই বিভিন্ন হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছিল৷ ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছিল৷ কিন্তু ইয়াৰ পিছতো সময়ে সময়ে পুৰণি অচল ৫০০-১০০০ টকীয়া নোট উদ্ধাৰ হোৱা ঘটনাই বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰে৷ পুৰণি অচল নোট উদ্ধাৰৰ ঘটনাই এতিয়াও পুৰণি নোট সলনিৰ প্ৰক্ৰিয়া গোপনে চলি থকাৰ ইংগিত দিয়ে৷ প্ৰকৃততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লা ধন ৰোধৰ উদ্দেশ্যে গ্ৰহণ কৰা বিমুদ্ৰাকৰণৰ লক্ষ্য উপনীত হৈছেনে নে দেশতে এতিয়াও পুৰণি ৫০০-১০০০ টকীয়া নোট সলনিৰ এখন ক’লা বজাৰ এখনহে গঢ়ি উঠিছে৷ অনাগত দিনতহে ইয়াৰ সঠিক উত্তৰ পোৱা যাব৷