সোণতলী, ২৩ অক্টোবৰঃ বৰপেটাৰ চেঙাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত পাঠিমাৰীত এটা শিশুৱে পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱতি লোৱা ঘটনাই অঞ্চলজুৰি শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, পাঠিমাৰীৰ বাসিন্দা ছবেৰ আলীৰ ডেৰ বছৰীয়া কন্যা পাৰবিনা খাতুনে (মাজনি) ঘৰৰ ওচৰত থকা পুখুৰীৰ পাৰত খেলি  থাকোতে হঠাৎ পুখুৰীত পৰি যায়। ছবেৰ আলীৰ পৰিয়ালে খবৰ লাভ কৰাৰ লগে লগে শিশুটোক পুখুৰীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ স্থানীয় খোলাবান্ধা নৈ পৰীয়া চৰাঞ্চল প্ৰাথমিক চিকিৎসালয়ত ভৰ্ত্তি কৰে৷ চিকিৎসালয়ত সেই সময়ত কোনো চিকিৎসক নথকাৰ পাৰবিনক পাৰ্শ্বৱৰ্তী কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত লৈ আনে যদিও চিকিৎসকে শিশুটোৰ মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে, দক্ষিণ বৰপেটাৰ চৰাঞ্চলত চিকিৎসকৰ গাফিলতি আৰু বিধ্বস্ত বাটপথৰ উপৰি ব্ৰহ্মপুত্ৰৰ সুঁতিৰ লগতে জলজলী নদীৰ পাৰাপাৰৰ ক্ষেত্ৰত দীৰ্ঘ সময় প্ৰয়োজন হোৱাত ডেৰ বছৰীয়া শিশু পাৰবিনা খাতুনে কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে।