মিৰ্জাৰ পৰা অজয় দাস, ১৬ নৱেম্বৰঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত। ৰাজ্যৰ বিভিন্ন স্থানত হাতী মানুহৰ সংঘাত দেখিবলৈ পোৱা যায় যদিও মহানগৰীৰ কাষৰীয়া অঞ্চল ৰাণীত হাতী মানুহৰ সংঘাত ভয়ংকৰ ৰূপ লবলৈ ধৰিছে। ৰাণীৰ পাহাৰীয়া বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা হাতীৰ জাকে বিভিন্ন সময়ত পথাৰৰ ধান অনিষ্ট কৰাৰ লগতে মানুহক আক্ৰমণ কৰাৰ ঘটনা দেখিবলৈ পোৱা যায়। ঠিক তেনে এক ঘটনাৰ পুনৰ সংঘটিত হৈছে ৰাণীত যাৰ ফলত অমৰ বড় নামৰ লোক এজন মৃত্যু হয়। পুৱতি নিশা এক ১৩ জনীয়া হাতীৰ জাকে ধান খবলৈ পথাৰত নামি অহাত নিজৰ পথাৰৰ ধান ৰক্ষা কৰিবলৈ যাওঁতে হাতীৰ আক্ৰমণত নিহত হয় অমৰ বড়। আনহাতে ৰাণীৰ বিএছএফ কেম্পৰ সমীপত নিশা উদ্ধাৰ হয় এটি কণমানি হাতীৰ পোৱালি। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ এটা জাকৰ পৰা বিচ্ছিন্ন হোৱাত স্থানীয় ৰাইজে এই দুমাহীয়া হাতীৰ পোৱালীটোক উদ্ধাৰ কৰে। পিছত বন বিভাগক খবৰ দিয়াত বনকৰ্মীৰ এটা দলে হাতীৰ পোৱালীটোক অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে। গোৱালপাৰা জিলাৰ ৰংজুলিৰ চাতাবাৰীত বিদ্যুত্‍স্পৃষ্ট হৈ এটা বন্যহস্তীৰ মৃত্যু হোৱাৰ লগতে শোণিতপুৰ জিলাতো হাতীৰ আক্ৰমণত নিহত হয় ৰাজবংশী ৰাম নামৰ এজন লোক।