সোণতলী, ৯ জুলাইঃ ৰাজ্যত পুনৰ অন্ধবিশ্বাসৰ বলি হৈ কৰুণ মৃত্যুক সাৱতিবলগীয়া হ’ল এগৰাকী কিশোৰীয়ে৷ এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ সোণতলীৰ ৪নং মালীবাৰী পথাৰত। আব্দুল মান্নানৰ কন্যা তথা মালীবাৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী হেলমিনা চুলতানাই বেজৰ চেকনিৰ কোব সহ্য কৰিব নোৱাৰি কৰুণ মৃত্যুক সাৱতি লয়৷ প্ৰাপ্ত তথ্য অনুসৰি অচিন ৰোগত আক্ৰান্ত কিশোৰী গৰাকীক ধনৰ অভাৱত দৰিদ্ৰ পৰিয়ালটোৱে উন্নত চিকিৎসা কৰিব পৰা নাছিল ৷ ইয়াৰে সুবিধা লৈ ২ নং মালীবাৰীৰ আকবৰ আলীৰ পুত্ৰ আকমত আলী নামৰ বেজজনে চেকনি আৰু বিষাক্ত দ্ৰব্যৰে কিশোৰী গৰাকীৰ চিকিৎসা আৰম্ভ কৰে৷ কিশোৰী গৰাকীক ভূতে ধৰা বুলি কবিৰাজে চিকিৎসাৰ নামত চেকনীৰে কোবোৱাৰ লগতে নাকে মুখে ছটিয়াই দিয়ে বিষাক্ত দ্ৰব্য৷ কবিৰাজৰ নিৰ্মম অত্যাচাৰত কিশোৰী গৰাকী বিয়লি অচেতন হৈ পৰে। কিশোৰী গৰাকীৰ শাৰিৰীক অৱস্থা অধিক সংকটজনক হোৱাত পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়ে যদিও পথতে মৃত্যু হয়৷ কিশোৰীৰ মৃত্যুৰ খবৰ  লাভ কৰি ঘাতকৰূপী বেজজনে পলাবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে বেজক কৰায়ত্ব কৰি ঘটনা সম্পৰ্কে মন্দিৰা আৰক্ষীক খবৰ দিয়ে। মন্দিৰা অাৰক্ষী দল ঘটনা স্থলীত উপস্থিত হৈ কবিৰাজক আটক কৰে। আৰক্ষীয়ে কিশোৰীৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ কৰে।